உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ'ব। পুনৰ মুখ্যমন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল। কাৰ এই ভৱিষ্যদ্বাণী?

    ৰাজ্যত পুনৰ বিজেপি চৰকাৰ হ'ব। পুনৰ মুখ্যমন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল। কাৰ এই ভৱিষ্যদ্বাণী?

    বৰপেটা সত্ৰৰ বৰ্ষফল গণনা-ৰাজ্যত পুনৰ হ'ব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বত সন্মান বৃদ্ধি পাব।সৰ্বানন্দ সোণোৱালেই হ'ব মুখ্যমন্ত্ৰী ৷

    বৰপেটা সত্ৰৰ বৰ্ষফল গণনা-ৰাজ্যত পুনৰ হ'ব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বত সন্মান বৃদ্ধি পাব।সৰ্বানন্দ সোণোৱালেই হ'ব মুখ্যমন্ত্ৰী ৷

    বৰপেটা সত্ৰৰ বৰ্ষফল গণনা-ৰাজ্যত পুনৰ হ'ব বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশ্বত সন্মান বৃদ্ধি পাব।সৰ্বানন্দ সোণোৱালেই হ'ব মুখ্যমন্ত্ৰী ৷

    • Share this:
    ৰাজ শাসনৰ অধিপতি গ্ৰহ মঙ্গলে মন্ত্ৰিত্বৰ ভাৰ লোৱাত ৰাজ্যত বি জে পিয়েই চৰকাৰ গঠন কৰিব ৷ আনহাতে জন্মফল গণনা অনুসৰি সৰ্বানন্দ সোনোৱালেই পুনৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হব ৷ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত ১৪২৮ ভাস্কৰাব্দৰ পৰম্পৰাগত "বৰ্ষফল গণনা" কৰি বৰপেটা সত্ৰৰ দৈব্যজ্ঞ  ত্ৰিদিপ শৰ্মা দলৈয়ে আজি এইদৰে কয় ৷

    দৈৱজ্ঞগৰাকীয়ে কৰা  বৰ্ষফল গণনা অনুসৰি অসম প্ৰদেশৰ ৰাশি কৰ্কট ৷ ৰাশিফল মতে, পঞ্চম স্থানত কেতু, সপ্তম স্থানত শনি, অষ্টম স্থানত বৃহস্পতি, দশম স্থানত শুক্ৰ, ৰবি আৰু বুধ, একাদশত মংগল, ৰাহু, চন্দ্ৰ অৱস্থান কৰাত  আগন্তুক বছৰটো ৰাজ্যখনৰ বাবে মুঠেই অনুকূল নহয় ৷ সংক্ৰান্তি সময়ত কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টি পৰিছে ৷ শনি ৰজা আৰু মঙ্গল মন্ত্ৰী হোৱাৰ লগতে সপ্তম স্থানত শনি অৱস্থান কৰাত ৰাজ্যত  বছৰটোত আন্দোলন বৃদ্ধি, দুৰ্ঘটনা, হত্যা, অপহৰণ, সন্ত্ৰাসবাদমূলক কাৰ্য বৃদ্ধি পাব ৷  বহু ঠাইত অশান্তিৰ লগতে আকস্মিক দুৰ্ঘটনা, গুপ্তহত্যাৰ যোগ আৰু প্ৰাকৃতিক দুৰ্যোগে ৰাজ্যখনৰ অঞ্চলভেদে ব্যাপক ক্ষতি সাধন কৰিব ৷

    বৰ্ষফল গণনা মতে, এইবেলি শুক্ৰ জলাধিপতি আৰু চন্দ্ৰ শস্যাধিপতি হোৱাত খৰাং বতৰৰ লগতে বানপানীৰ প্ৰভাৱত ৰাজ্যখনৰ শস্য আদিৰ ক্ষতিসাধন হব ৷ বৰ্ষফল অনুসৰি ৰাজ্যত ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাৰ লগতে খাদ্য সংকটে দেখা দিব পাৰে বুলিও শৰ্মা দলৈয়ে কয় ৷ আনহাতে কালসৰ্প যোগ আৰু শনিৰ পূৰ্ণদৃষ্টিৰ বাবে সকলো দলৰ ৰাজনৈতিক নেতাসকলে সাৱধান হোৱাটো মঙ্গলজনক বুলি উল্লেখ কৰে ৷ তাৰোপৰি ৰাজ্য শাসনৰ ক্ষেত্ৰত সেনা আৰক্ষীৰ কাৰ্যকলাপ বৃদ্ধিৰ যোগ ৷ ইপিনে ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নোহোৱাতোৱেই অধিক শুভ বুলি মন্তব্য কৰে দৈৱজ্ঞ গৰাকীয়ে ৷ ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাৰ ভিতৰত সৰ্বানন্দ সোনোৱালৰ দশাই শ্ৰেষ্ঠ ফল লাভ কৰা বুলিও মন্তব্য কৰে৷

    আনহাতে  ভাৰত দেশৰ ৰাশি মকৰ ৷ ৰাশি চক্ৰ মতে  বছৰটোৰ অধিকাংশ সময় ভাৰতৰ বাবে প্ৰতিকুল হব ৷ জন্ম ৰাশিত শনি অৱস্থান কৰাত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব যদিও সন্ত্ৰাসবাদীয়ে মূৰ দাঙি উঠিব নোৱাৰিব ৷ বছৰটো নানা ধৰণৰ প্ৰতিকুল অৱস্থাৰ মাজেৰে অতিবাহিত হব ৷ ৰাজনৈতিক, সামাজিক, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক সংকট, আন্দোলন, সন্ত্ৰাসবাদী কাৰ্যকলাপ অব্যাহত থাকিব যদিও গুৰু শুক্ৰৰ শুভ প্ৰভাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  দক্ষতাৰে দেশ শাসন কৰিবলৈ সক্ষম হব ৷ নৰেন্দ্ৰ মোডীৰ শপতকাল আৰু জন্ম ৰাশি  অনুসৰি তেওঁ শ্ৰেষ্ঠ ফল লাভ কৰিব ৷ লগ্নস্থানত শনি আছে আৰু শনি ৰজা হোৱাৰ বাবে নৰেন্দ্ৰ মোডীৰ সন্মান লাভ, শুভকাৰ্য, ভাগ্য লাভ, আনন্দলাভ হব ৷ সন্ত্ৰাসবাদ নিৰ্মূল কৰণত ভাৰতে পৃথিৱীৰ ভালেমান দেশৰ পৰা প্ৰশংসা পোৱাৰ যোগ আছে ৷
    Published by:Kokil Sarma
    First published: