আজি ছবিঘৰলৈ মাজুলীৰ জীৱনক লৈ নিৰ্মিত ছবি বৰনদী ভটিয়ায়

৩১টা ছবিঘৰত মুক্তি লাভ কৰিব দেশে–বিদেশে সমাদৃত ছবি বৰনদী ভটিয়ায়। অসমীয়া ছবিৰ দৰ্শকক নঠগো বুলি মন্তব্য পৰিচালক অনুপম কৌশিক বৰাৰ।

news18assam
Updated:May 3, 2019, 9:14 AM IST
আজি ছবিঘৰলৈ মাজুলীৰ জীৱনক লৈ নিৰ্মিত ছবি বৰনদী ভটিয়ায়
৩১টা ছবিঘৰত মুক্তি লাভ কৰিব দেশে–বিদেশে সমাদৃত ছবি বৰনদী ভটিয়ায়। অসমীয়া ছবিৰ দৰ্শকক নঠগো বুলি মন্তব্য পৰিচালক অনুপম কৌশিক বৰাৰ।
news18assam
Updated: May 3, 2019, 9:14 AM IST
প্ৰতিবছৰে বানৰ কৱলত পৰিও মাজুলীবাসীয়ে প্ৰতি বাৰেই মোকাবিলা কৰে ৷ জীৱনটোক লৈ আশাহত কোনোদিন হোৱা নাই মাজুলীয়াল। বানপানী মাজুলীবাসীৰ সহচৰ, সমস্যাৰ লগত তেওঁলোক অভ্যস্ত ৷ তাৰ মাজতে জীৱনমুখী এমুঠি প্ৰত্যাশাৰ ৰেঙণি বৰনদী ভটিয়ায়। পৰিচালক অনুপম কৌশিক বৰাৰ মন্তব্য 'আমি দৰ্শকক নঠগো ৷ আহক এবাৰ চিনেমাখন চাই যাওঁক ৷ এমুঠি কৰুণতা, পাঁচি ভৰাই হাঁহি ঘৰলৈ লৈ যাওঁক' ৷আজি ৰাজ্যজুৰি শুভমুক্তি 'বৰনদী ভটিয়ায়'ৰ। আপোনাৰ সন্মুখত মাজুলীৰ জীৱন গাথাঁ তুলি ধৰিব 'বৰনদী ভটিয়ায়'-এ ৷ মাজুলী বাসীৰ হতাশা–নিৰাশ–প্ৰত্যাশা আৰু জীৱন উদযাপনক লৈ নিৰ্মিত ছবিখনক লৈ ছবিখনৰ কলা-কুশলী সকল বিৰাট আশাবাদী ৷  ইতিমধ্যে বিভিন্ন চলচিত্ৰ মহোৎসৱত চলচিত্ৰখন উপভোগ কৰা চলচিত্ৰ ৰসিক আৰু দৰ্শকে জনাইছে যে 'বৰনদী ভটিয়ায়' উপভোগ্য ছবি ৷ বিভিন্ন অনলাইন প্লেটফৰ্মত TIME MUSIC ASSAM'-ৰ জৰিয়তে মুকলি কৰা চিনেমাখনৰ সংগীত ৰাইজে আঁকোৱালি লোৱা পৰিলক্ষিত হৈছে ৷ মাজুলীৰ অন্যতম নাট্যগোষ্ঠী 'ভাৱৰীয়া-দ্যা টি পজিটিভ'ৰ বেনাৰত অনুপম কৌশিক বৰাৰ প্ৰযোজনাত নিৰ্মিত ছবি 'বৰনদী ভটিয়ায়' পৰিচালক হিচাপেও বৰাৰ এইখন প্ৰথম ছবি ৷ উল্লেখ্য যে মুম্বাইৰ 'JIO MAMI' আৰু গুৱাহাটীৰ 'BRAHMAPUTRA VALLEY FILM FESTIVAL' ত ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে 'বৰনদী ভটিয়ায়' ৷ অসমৰ ছবিগৃহত মুক্তি দিবৰ বেলিকা  যদিও বৰনদী ভটিয়ায় ছবিখনৰ কাৰণে পঞ্চলিছ টা চিত্ৰগৃহৰ লক্ষ‍্য  ৰখা হৈছিল, কিন্তু বেলেগ ভাষাৰ ছবি চিত্ৰগৃহত লাগি থকাৰ কাৰণে কেৱল মাত্ৰ ৩১ টা চিত্ৰগৃহ পাবলৈহে সমৰ্থ হৈছে। ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ডৰথী ভৰদ্বাজ, কেনী দেউৰী বসুমতাৰী, অনুপম কৌশিক বৰা, কৌশিক নাথ, হিমাংশু গগৈ, সোণমণি শৰ্মা, দিগন্ত কোঁৱৰ, পলাশ মেছ, ৰাজীৱ নাথ,ভাস্কৰ বৰুৱা, মণিষা ভুঁঞা,গুণমণি বৰুৱা ৰ লগতে প্ৰায় ১৩০ জন অভিনেতা অভিনেত্ৰী ৷ দৃশ্যগ্ৰহণ কৰিছে প্ৰয়াস শৰ্মা তামুলীয়ে ৷ সম্পাদনা ৰন্টু চেতিয়াৰ ৷ শব্দ অভিকল্পক দেৱজিত গায়ন ৷ সংগীত ৰাষ্ট্ৰীয় বটাঁপ্ৰাপ্ত তৰালী শৰ্মাৰ ৷ ডি আই কালাৰিষ্ট অৰিনন্দম দাস ৷ কাৰ্যবাহী প্ৰযোজনা স্তুতি জ্যোৎস্না শইকীয়াৰ ৷ মুখ্য সহকাৰী পৰিচালক হিমাংশু নাথ আৰু অৰিন্দম কাশ্যপ ৷

ক’ত চাব চিনেমাখনঃ



আৰু চাওক পৰৱৰ্তী বাতৰি