Bank Strike News: কাইলৈ আৰু পৰৱৰ্তী দিনত, অৰ্থাৎ ১৬ আৰু ১৭ ডিচেম্বৰত, দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ (Public Sector Bank) বন্ধ থাকিব কিয়নো তেওঁলোকৰ কৰ্মচাৰীসকলে দুদিনীয়া দেশব্যাপী ধৰ্মঘট (nationwide strike) কৰাৰ কথা আছে। এছ.বি.আই.কে ধৰি আন বেংকবোৰে কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ আহ্বান জনোৱাৰ পিছতো কৰ্মচাৰী সংঘবোৰ অটল হৈ আছে। এই ধৰ্মঘট বেংকৰ ব্যক্তিগতকৰণ (Privatization)ৰ বিৰুদ্ধে।
ভাৰতীয় ষ্টেট বেংকে ইয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি ইয়াৰ কৰ্মচাৰীসকলক আবেদন জনাইছে। বেংকে কৈছে যে কৰ্মচাৰীসকলৰ ধৰ্মঘটৰ ফলত কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অংশীদাৰসকলৰ বাবে বৃহৎ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। এছবিআইয়ে বেংক ইউনিয়নসমূহলৈ আলোচনাৰ বাবে নিমন্ত্ৰণো প্ৰেৰণ কৰিছে।
আনহাতে, চেণ্ট্ৰেল বেংকে ইয়াৰ কৰ্মচাৰী আৰু ইউনিয়নসমূহলৈও চিথিপত্ৰ লিখি তেওঁলোকৰ সদস্যসকলক বেংকৰ উন্নতিৰ বাবে কাম কৰিবলৈ কয়। পঞ্জাৱ নেচনেল বেংকেও কৰ্মচাৰীসকলক ধৰ্মঘট নকৰিবলৈ টুইট কৰি আবেদন জনাইছে।
![]()
অৱশ্যে বেংক বন্ধ থাকিলেও ইণ্টাৰনেট বেংকি সেৱা অব্যাহত থাকিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|