এই বন্ধৰ বাবে বেংকৰ গ্ৰাহকসকলে বেংক শাখাত ধন উলিয়াব আৰু জমা কৰিব নোৱাৰিব। অৱশ্যে এটিএম, ম'বাইল বেংকিং আৰু অনলাইন বেংকিং সেৱা উপলব্ধ হৈ থাকিব।
এই বন্ধৰ বাবে বেংকৰ গ্ৰাহকসকলে বেংক শাখাত ধন উলিয়াব আৰু জমা কৰিব নোৱাৰিব। অৱশ্যে এটিএম, ম'বাইল বেংকিং আৰু অনলাইন বেংকিং সেৱা উপলব্ধ হৈ থাকিব।
পৰৱৰ্তী সপ্তাহত বিশেষ কামৰ বাবে বেংকলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে ৰ’ব, সলনি কৰিব লাগিব আপোনাৰ এই পৰিকল্পনা৷ কিয়নো সমগ্ৰ দেশতে ২৭ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ হোলীৰ লগতে বিত্তীয় বৰ্ষৰ শেষৰ বাবে বন্ধ থাকিব বেংক৷ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ দ্বাৰা মুকলি কৰা বেংক কেলেণ্ডাৰৰ তথ্য অনুসৰি, মাৰ্চ আৰু এপ্ৰিলৰ আগন্তুক সপ্তাহত ৭টাকৈ দিনৰ বাবে বন্ধ থাকিব বেংক। ২৭ৰ পৰা ২৯ মাৰ্চলৈ দ্বিতীয় শনিবাৰ আৰু হোলীৰ বাবে বন্ধ থাকিব বেংক।
বেংকৰ সৈতে কাম থকা লোকসকলে মন কৰিব যে এই সময়ছোৱাত মাত্ৰ দুটা দিনহে বেংক খোলা থাকিব৷ ৩০ মাৰ্চ আৰু ৩ এপ্ৰিলত অব্যাহত থাকিব বেংকৰ সেৱা। অৱশ্যে পাটনাত ৩০ মাৰ্চতো বেংকিং সেৱা বন্ধ থাকিব। ইপিনে চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো দিনৰ বাবে ৩১ মাৰ্চত বেংকিং সেৱা বন্ধ থাকিব৷ আনহাতে ১ এপ্ৰিলত বাৰ্ষিক একাউণ্ট বন্ধ কৰা কাৰ্যৰ বাবে বন্ধ থাকিব বেংক। ২ এপ্ৰিলত গুড ফ্ৰাইডে উপলক্ষে বন্ধ থাকিব বেংক আৰু ৪ এপ্ৰিল দেওবাৰ হোৱা বাবে ৫ এপ্ৰিলৰ পৰাহে খুলিব বেংক।
সেয়েহে বেংকলৈ যোৱাৰ পূৰ্বে মন কৰক তলত দিয়া তালিকাখন -
২৭ মাৰ্চ : চলিত মাহৰ অন্তিম শনিবাৰ উপলক্ষে বন্ধ থাকিব বেংক৷
২৮ মাৰ্চ : দেওবাৰ।
২৯ মাৰ্চ : হোলীৰ বাবে বেংকিং সেৱা বন্ধ থাকিব৷
৩০ মাৰ্চ : পাটনা শাখাত বেংক বন্ধ থাকিব যদিও অন্যান্য শাখা কাৰ্যক্ষম হৈ থাকিব।
৩১ মাৰ্চ : বিত্তীয় বৰ্ষৰ শেষৰ অন্তিমটো দিন উপলক্ষে বন্ধ থাকিব বেংক৷
১ এপ্ৰিল : বাৰ্ষিক একাউণ্ট বন্ধ কৰিবলৈ বেংক বন্ধ কৰা থাকিব৷
২ এপ্ৰিল : গুড ফ্ৰাইডে’৷
৩ এপ্ৰিল : শনিবাৰ (খোলা থাকিব বেংক)।
৪ এপ্ৰিল : দেওবাৰ।
এই বন্ধৰ বাবে বেংকৰ গ্ৰাহকসকলে বেংক শাখাত ধন উলিয়াব আৰু জমা কৰিব নোৱাৰিব। অৱশ্যে এটিএম, ম'বাইল বেংকিং আৰু অনলাইন বেংকিং সেৱা উপলব্ধ হৈ থাকিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|