মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »বেংকলৈ যোৱাৰ কথা আছে নেকি? জানি লওক এইসমূহ তথ্য...চলিত মাহৰ অন্তিম ১০টা দিনৰ ৪টা দিনেই বন্ধ থাকিব বেংক !

বেংকলৈ যোৱাৰ কথা আছে নেকি? জানি লওক এইসমূহ তথ্য...চলিত মাহৰ অন্তিম ১০টা দিনৰ ৪টা দিনেই বন্ধ থাকিব বেংক !

ইণ্ডিয়ান বেংক এছ'চিয়েছন (IBA)য়ে সকলো বেংককে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত বেংকৰ সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে । সেয়েহে

ইণ্ডিয়ান বেংক এছ'চিয়েছন (IBA)য়ে সকলো বেংককে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত বেংকৰ সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে । সেয়েহে

ইণ্ডিয়ান বেংক এছ'চিয়েছন (IBA)য়ে সকলো বেংককে পুৱা ১০ বজাৰ পৰা দুপৰীয়া ২ বজাৰ ভিতৰত বেংকৰ সকলো কাম সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে । সেয়েহে

  • Share this:
মে' মাহৰ শেষৰ ১০টা দিনৰ ৪টা দিনেই দেশত বন্ধ থাকিব সকলো বেংক। সাপ্তাহিক বন্ধৰ লগতে বিশেষ উৎসৱ-পাৰ্বনো আছে এই চাৰিটা দিনত। ২৬ মে'ৰ দিনটোত বুদ্ধ পূৰ্ণিমা উপলক্ষে আগৰতলা, বেলাপুৰ, ভূপাল, চণ্ডিগড়, ডেৰাডুন, জম্মু, কানপুৰ, কলকাতা, লক্ষ্নৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, ৰায়পুৰ, ৰাঁচী, চিমলাকে ধৰি শ্ৰীনগৰতো বন্ধ থাকিব বেংকৰ সেৱা।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, বিদেশী বেংক, সমবায় বেংক আৰু আঞ্চলিক বেংককে আদি কৰি সকলো বেংক কিছুমান বিশেষ সময়ত বন্ধ থাকে।

ইপিনে দেশত কোৰোণাৰ দ্বিতীয় সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা কঠোৰ নিৰ্দেশনাৰ মাজতে বেংকৰ সংস্থাটোৱে কেইবাখনো ৰাজ্যত কামৰ সময় হ্ৰাস কৰিবলৈ কৈছে। সংস্থাটোৱে বেংকসমূহৰ কামৰ সময় পুৱা ১০ পৰা বজাৰ দুপৰীয়া ২ বজালৈ হ্ৰাস কৰাৰ নিৰ্দেশ দিছে ।

তেনেস্থলত বেংকলৈ যোৱাৰ পূৰ্বে আপুনিও বেংক বন্ধৰ তালিকাখন জানি লোৱা উচিত। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা এক জাননী অনুসৰি চলিত মাহৰ অন্তিম ১০টা দিনৰ এইকেইটা দিনত বন্ধ থাকিব বেংক -

  • ২২ মে' : চতুৰ্থ শনিবাৰ

  • ২৩ মে' : সাপ্তাহিক বন্ধ (দেওবাৰ)

  • ২৬ মে' : বুদ্ধ পূৰ্ণিমা

  • ৩০ মে' : সাপ্তাহিক বন্ধ (দেওবাৰ)


বেংক সংক্ৰান্তীয় যিকোনো নতুন আপডেটৰ বাবে বেংক বন্ধৰ তালিকা নিয়মীয়াকৈ পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হৈছে। লগতে ভাৰতীয় ৰিজাৰ্ভ বেংকে ইয়াৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা বন্ধৰ তালিকাৰ সৈতে ইয়াক প্ৰমাণিত কৰাৰো পৰামৰ্শ দিয়া হৈছে গ্ৰাহকক।

শেহতীয়া বাতৰি