মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Bank Holidays : আজিৰ পৰা ৩ দিনৰ বাবে এই সমূহ চহৰত বন্ধ থাকিব বেংক! জানি লওক সবিশেষ

Bank Holidays : আজিৰ পৰা ৩ দিনৰ বাবে এই সমূহ চহৰত বন্ধ থাকিব বেংক! জানি লওক সবিশেষ

আজিৰে পৰা একেৰাহে ৩ দিনৰ বাবে বন্ধ থাকিব বেংক। RBIয়ে বেংক বন্ধৰ এখন তালিকা প্ৰকাশ কৰিছে যাতে গ্ৰাহকসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়।

আজিৰে পৰা একেৰাহে ৩ দিনৰ বাবে বন্ধ থাকিব বেংক। RBIয়ে বেংক বন্ধৰ এখন তালিকা প্ৰকাশ কৰিছে যাতে গ্ৰাহকসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়।

আজিৰে পৰা একেৰাহে ৩ দিনৰ বাবে বন্ধ থাকিব বেংক। RBIয়ে বেংক বন্ধৰ এখন তালিকা প্ৰকাশ কৰিছে যাতে গ্ৰাহকসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়।

  • Share this:
যদি আপোনাৰো বেংকত কোনো জৰুৰী কাম আছে, তেন্তে এই খবৰ আপোনাৰ বাবে জৰুৰী। জুন মাহত ইতিমধ্যে বহু দিন বেংক বন্ধ থাকিল। কিন্তু এতিয়াও বাকী বহু কেইটা বন্ধৰ দিন। সেয়েহে আপুনি বেংকলৈ যোৱাৰ পূৰ্বে বেংকৰ বন্ধ সম্পৰ্কে জানি লোৱাটো অতি প্ৰয়োজন।

আজিৰে পৰা একেৰাহে ৩ দিনৰ বাবে বন্ধ থাকিব বেংকসমূহ । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা এখন বন্ধৰ তালিকা প্ৰকাশ কৰা হৈছে যাতে গ্ৰাহকসকলে কোনো ধৰণে ক্ষতিৰ সন্মুখীন হ'বলগীয়া নহয় । ২৫ জুনৰ পৰা ৩০ জুনলৈ ৪ দিনৰ বাবে বন্ধ থাকিব বেংক । গুৰু হৰগোবিন্দ জীৰ জন্ম জয়ন্তী উপলক্ষে জম্মু আৰু শ্ৰীনগৰৰ বেংকসমূহ ২৫ জুনত বন্ধ থাকিব। ইয়াৰ পিছত ২৬ জুনত চতুৰ্থ শনিবাৰে হ'ব, সেয়েহে সমগ্ৰ দেশৰ বেংকসমূহ বন্ধ থাকিব। তাৰ পিছত দেওবাৰে বন্ধ থাকিব বেংক ।

৩০ জুনতো বন্ধ থাকিব বেংকসমূহ -

দেওবাৰৰ পিছত ২৮ আৰু ২৯ জুনত কাম-কাজ চলিব বেংকৰ । কিন্তু ৩০ জুনত মিজোৰামৰ বেংকসমূহ পুনৰ বন্ধ থাকিব। ৰামনা নিৰ কাৰণে ইয়াত বেংকসমূহ বন্ধ থাকিব।

জানক বেংক বন্ধৰ কাৰণ-
>> ২৫ জুন - গুৰু হৰগোবিন্দ জীৰ জন্ম জয়ন্তী (জম্মু আৰু শ্ৰীনগৰৰ বেংক বন্ধ)
>> ২৬ জুন - মাহৰ চতুৰ্থ শনিবাৰ
>> ২৭ জুন - দেওবাৰ
>> ৩০ জুন - ৰামনা নি (মিজোৰামত বেংক বন্ধ)

উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI)ৰ তৰফৰ পৰা বেংক বন্ধৰ তালিকা (Bank Holidays List) জাৰি কৰা হয় । ৰাজ্য অনুসৰি সকলো বেংকৰ বন্ধ নিৰ্ধাৰণ কৰা হয় । RBIয়ে জাৰি কৰা বন্ধৰ দিন অনুসৰি চলিত জুন মাহত মুঠ ৯টা দিনৰ বাবে বেংক বন্ধ ঘোষণা কৰা হৈছিল। যাৰ ভিতৰত আছে সাপ্তাহিক বন্ধ আৰু বিশেষ বন্ধৰ দিন। এইবাৰ জুন মাহত কোনো ডাঙৰ উৎসৱ নাই, সেয়েহে সাপ্তাহিক বন্ধৰ বাহিৰে, মাত্ৰ ৩টাহে স্থানীয় উৎসৱ আছে, যিকেইটা দিনত কেইখনমান ৰাজ্যত বন্ধ থাকিব বেংক ।

শেহতীয়া বাতৰি