সাধাৰণতে সকলো বেংকৰ গ্ৰাহকে ইয়াক মনত ৰাখিব লাগে৷ সেয়েহে বিশদভাৱে জানি লওক ইয়াক।
সাধাৰণতে সকলো বেংকৰ গ্ৰাহকে ইয়াক মনত ৰাখিব লাগে৷ সেয়েহে বিশদভাৱে জানি লওক ইয়াক।
যদিহে বেংক অফ বৰোদাত আপোনাৰ একাউণ্ট আছে আৰু আপুনি ডেবিট, এটিএম বা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনাৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ। দেশৰ কোটি কোটি গ্ৰাহকৰ বাবে জাৰি কৰিছে এক বিশেষ সতৰ্কতা, যাক ৰঙা, হালধীয়া আৰু সেউজীয়াৰ জৰিয়তে পাছৱৰ্ডৰ গণিত ব্যাখ্যা কৰিছে। সাধাৰণতে সকলো বেংকৰ গ্ৰাহকে ইয়াক মনত ৰাখিব লাগে৷ সেয়েহে বিশদভাৱে জানি লওক ইয়াক।
বেংকে টুইটযোগে অৱগত কৰিছে এই কথা। বেংকে জনায় যে পাছৱৰ্ড ৰখাৰ সময়ত যদি সেউজীয়া ৰং আহি যায়, তেন্তে ইয়াৰ অৰ্থ হৈছে যে আপোনাৰ পাছৱৰ্ড সুৰক্ষিত হৈ আছে। ইয়াৰ বাবে আপুনি আপাৰ কেছ লেটাৰ, লৱাৰ কেছ লেটাৰ, স্পেচিয়েল কেৰেক্টাৰ আৰু নম্বৰ সংগত কৰি পাছৱৰ্ড দিলেহে ই এটা মজবুত পাছৱৰ্ড হৈ পৰে। পাছৱৰ্ড সৃষ্টি কৰাৰ সময়ত এটা সেউজীয়া চিহ্নৰ ওপৰত ধ্যান দিয়াটোও অতি প্ৰয়োজন।
জানি লওক বেংকৰ ক্ষেত্ৰত ৰঙা, হালধীয়া আৰু সেউজীয়া ৰঙৰ অৰ্থ কি-
বেংক অফ বৰোদাৰ পৰা এই সেউজীয়া ৰঙৰ সতৰ্কতাৰ অৰ্থ হৈছে আপোনাৰ পাছৱৰ্ডটো মজবুত। লগতে হালধীয়াৰ অৰ্থ হৈছে যে আপোনাৰ পাছৱৰ্ড ঠিকেই আছে আৰু ৰঙা ৰঙৰ অৰ্থ হৈছে আপোনাৰ পাছৱৰ্ড অতি দুৰ্বল। সেয়েহে আপোনাৰ কাৰ্ড সুৰক্ষিত কৰি ৰাখিবলৈ পাছৱৰ্ড সৃষ্টি কৰোতে আপুনি ৰঙা, হালধীয়া আৰু সেউজীয়া চিহ্নটো মনত ৰাখিব লাগিব।
সেউজীয়া ৰঙত অধিক সুৰক্ষিত হৈ থাকিব আপোনাৰ পাছৱৰ্ড -
তদুপৰি, বেংকটোৱে এটা টুইটত লিখিছিল যে সুৰক্ষাৰ প্ৰতীক 'সেউজীয়া' ৰঙটো কেৱল দেশ মাতৃৰ বাবে নহয়, আপোনাৰ বেঙ্কিং পাছৱৰ্ডৰ বাবেও। কিয়নো এই ৰংটোৱে আপোনাৰ পাছৱৰ্ড কিমান সুৰক্ষিত তাৰ বাখ্যা কৰে৷
বৰোদা বেংকে শেহতীয়াকৈ আৰম্ভ কৰিছে এই সেৱা -
বেংক অফ বৰোদাই হোৱাটছ এপতো বেংকিং সেৱা আৰম্ভ কৰিছে। এতিয়া আপুনি আপোনাৰ WhatsAppৰ চেট বক্সত বেংকিঙৰ সৈতে জড়িত সকলো তথ্য লাভ কৰিব পাৰে। আপুনি কেৱল বেংকে প্ৰদান কৰা এটা নম্বৰত মেছেজ কৰিব লাগিব। বেংকে জাৰি কৰা নম্বৰ 8433 888 777-ত আপোনাৰ পঞ্জীভূত ম'বাইল নম্বৰৰ পৰা 'হাই' লিখি মেছেজ কৰিব লাগিব। তাৰ পিছত হোৱাটছএপৰ দ্বাৰা আপুনি বেংকিং সুবিধা ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|