মে' মাহত ১২টা দিন বন্ধ থাকিব বেংক! বেংকলৈ যোৱাৰ পূৰ্বে জানি লওক সবিশেষ...

News18 Assam | News18-Assam
Updated:May 1, 2021, 12:50 PM IST
মে' মাহত ১২টা দিন বন্ধ থাকিব বেংক! বেংকলৈ যোৱাৰ পূৰ্বে জানি লওক সবিশেষ...
Bank Holidays List In May 2021 : কোৰোণা মহামাৰীৰ এই জটিল সময়ত সঘনাই বাহিৰলৈ ওলাই যোৱাটো কাৰো পক্ষে সঠিক নহয় । কিন্তু ইয়াৰ পিছতো যদিহে বেংকত আপোনাৰ যদি অতি গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে বেংকলৈ বুলি ওলাই যোৱাৰ পূৰ্বেই জানি ল'ব বেংকৰ বন্ধ দিনৰ বিষয়ে ।

Bank Holidays List In May 2021 : কোৰোণা মহামাৰীৰ এই জটিল সময়ত সঘনাই বাহিৰলৈ ওলাই যোৱাটো কাৰো পক্ষে সঠিক নহয় । কিন্তু ইয়াৰ পিছতো যদিহে বেংকত আপোনাৰ যদি অতি গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে বেংকলৈ বুলি ওলাই যোৱাৰ পূৰ্বেই জানি ল'ব বেংকৰ বন্ধ দিনৰ বিষয়ে ।

  • Share this:
কোৰোণা মহামাৰীৰ এই জটিল সময়ত সঘনাই বাহিৰলৈ ওলাই যোৱাটো কাৰো পক্ষে সঠিক নহয় । কিন্তু ইয়াৰ পিছতো যদিহে বেংকত আপোনাৰ অতি গুৰুত্বপূৰ্ণ কাম আছে, তেন্তে বেংকলৈ বুলি যোৱাৰ পূৰ্বে জানি লওক বেংকৰ বন্ধৰ দিনৰ বিষয়ে। কিয়নো মে' মাহ আৰম্ভণিয়েই হৈছে বেংক বন্ধৰে। তেনেস্থলত বেংক বন্ধৰ তালিকাখনে আপোনাক  প্ৰয়োজনীয় কাম সমাপন কৰাত সহায় কৰিব পাৰে। কিয়নো এই মে' মাহতে ঈদ, অক্ষয় তৃতীয়, বুদ্ধ পূৰ্ণিমাকে ধৰি বহু উৎসৱ আছে, যাৰ বাবে বহু ৰাজ্যত বন্ধ থাকিব বেংক সেৱা ।

প্ৰতিখন ৰাজ্যৰ বাবে আছে ভিন্ন-ভিন্ন নিয়ম-

ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ RBIয়ে ইয়াৰ অফিচিয়েল ৱেবছাইট rbi.org.inত ২০২১ চনৰ বাবে বেংক বন্ধৰ এখন তালিকা আপলোড কৰিছে। এই তালিকা অনুসৰিয়েই চলিত বছৰৰ মে' মাহত দ্বিতীয় আৰু চতুৰ্থ শনিবাৰসহ মুঠ ১২টা বন্ধ আছে।

১ মে' : মহাৰাষ্ট্ৰ দিৱস / মে' দিৱস উপলক্ষে কিছুমান ৰাজ্যৰ বেংক বন্ধ থাকিব । কলকাতা, কোচি, মুম্বাই, নাগপুৰ, পানাজী, পাটনা, চেন্নাই, তিৰুৱন্তপুৰম, হায়দৰাবাদ, গুৱাহাটী, ইম্ফল, বেংগালুৰু আৰু বেলাপুৰত বন্ধ থাকিব বেংক।

২ মে' : দেওবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)

৭ মে' : জুমত-উল-ভিদা (জম্মু, শ্ৰীনগৰ)

৮ মে' : দ্বিতীয় শনিবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)

৯ মে' : দেওবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)

১৩ মে' : ৰমজান ঈদ (ঈদ-উল-ফিতৰ)।

১৪ মে' : ভগৱান শ্ৰী পৰশুৰাম জয়ন্তী / ৰমজান ঈদ (ঈদ-উল-ফিতৰ) / বাসৱ জয়ন্তী / অক্ষয় তৃতীয়া উপলক্ষে এই দিনটোতে বেলাপুৰ, জম্মু, কোচি, মুম্বাই, নাগপুৰ, শ্ৰীনগৰ, তিৰুৱন্তপুৰমত বন্ধ থাকিব বেংক সেৱা ।

১৬ মে' : দেওবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)

২২ মে' : চতুৰ্থ শনিবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)

২৩ মে' : দেওবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)

২৬ মে' : বুদ্ধ পূৰ্ণিমা উপলক্ষে আগৰতলা, বেলাপুৰ, ভূপাল, চণ্ডিগড়, ডেৰাডুন, জম্মু, কানপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, ৰায়পুৰ, ৰাঁচী, চিমলা, শ্ৰীনগৰত বন্ধ থাকিব বেংক।

৩০ মে' : দেওবাৰ (বন্ধ থাকিব প্ৰতিখন ৰাজ্যতে)।

যদিও এই দিনকেইটাত বেংক শাখাবোৰ বন্ধ থাকিব, অৱশ্যে গ্ৰাহকে অনলাইন মোড ব্যৱহাৰ কৰি লেনদেনটো সম্পূৰ্ণ কৰিব পাৰিব। মোবাইল আৰু ইণ্টাৰনেট বেংকিঙেৰে সকলো কাম চলি থাকিব।
Published by: Himangshu Bhuyan
First published: May 1, 2021, 12:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি