ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই (RBI) আগন্তুক বৰ্ষৰ প্ৰথম মাহ অৰ্থাৎ জানুৱাৰী ২০২২ৰ বাবে বেংকৰ বন্ধৰ (Bank Holidays in January 2022) তালিকা প্ৰকাশ কৰিছে। জানুৱাৰীত যদি আপোনাৰ বেংকৰ সৈতে কোনো কাম আছে তেন্তে আপুনি এই তালিকা জানি থোৱাটো প্ৰয়োজন। কাৰণ এই মাহটোত ১৭ দিন বন্ধ থাকিব বেংক।
জানুৱাৰী ২০২২ত বেংকৰ মুঠ ১৭ দিন বন্ধৰ ভিতৰত আছে ৫টা দেওবাৰ। ইয়াৰ ভিতৰত আছে দীঘলীয়া বন্ধও (Bank Holidays in December)। উল্লেখযোগ্য যে সমগ্ৰ দেশত ১৭ দিন বেংক বন্ধ নাথাকে। আৰবিআইৰ অফিচিয়েল ৱেবছাইটত দিয়া বন্ধৰ তালিকা অনুসৰি, এই বন্ধসমূহ পৃথক পৃথক ৰাজ্যত পৃথক পৃথক হয়। এই সকলো বন্ধ সকলো ৰাজ্যত কাৰ্যকৰী নহয়। আনহাতে, আৰবিআইৰ গাইডলাইন মতে দেওবাৰৰ বাদে মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকিব।
আহক জানো জানুৱাৰী ২০২২ত কোন ৰাজ্যত কেতিয়া বন্ধ থাকিব বেংক। যাতে আগন্তুক মাহত বেংকৰ কাম–কাজ কৰাত আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়।
১ জানুৱাৰী (শনিবাৰ) – দেশজুৰি নৱবৰ্ষৰ দিন
২ জানুৱাৰী (দেওবাৰ) – দেশজুৰি সাপ্তাহিক বন্ধ
৪ জানুৱাৰী (মঙলবাৰ) – ছিকিমত লাছুং পৰ্বৰ বাবে বেংক বন্ধ থাকিব
৮ জানুৱাৰী (শনিবাৰ) – মাহটোৰ দ্বিতীয় শনিবাৰ
৯ জানুৱাৰী (দেওবাৰ) – গুৰু গোবিন্দ সিং জয়ন্তী, সাপ্তাহিক বন্ধ
১১ জানুৱাৰী (মঙলবাৰ) – মিজোৰামত মিছনেৰী দিৱসত
১২ জানুৱাৰী (বুধবাৰ) – স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে বেংক বন্ধ
১৪ জানুৱাৰী (শুকুৰবাৰ) – মাঘ বিহু, কেইবাখনো ৰাজ্যত মকৰ সংক্ৰান্তি, তুছু পূজাৰ বাবে বেংক বন্ধ
১৫ জানুৱাৰী (শনিবাৰ) – অন্ধ্ৰ প্ৰদেশ, পুডুচেৰী, তামিলনাডুত পোংগল