দেশত বৰ্তমানেও অব্যাহত আছে কাল কোৰোণাৰ দ্বিতীয় ঢৌৰ বিভীষিকা । যদিও সম্প্ৰতি কোভিডৰ নতুন সংক্ৰমণৰ ঘটনা হ্ৰাস পাইছে, কিন্তু সকলোকে এতিয়াও ঘৰতে আৱদ্ধ হৈ থকাৰ লগতে বাহিৰলৈ কমকৈ ওলাই যাবলৈ পৰামৰ্শ দিয়া হৈছে।
কিন্তু যদিহে এই সময়ছোৱাত বেংকত আপোনাৰ কোনো জৰুৰী কাম আছে, তেন্তে আপুনি বেংকলৈ যোৱাৰ পূৰ্বে বেংক বন্ধৰ তালিকাখন জানি লোৱাতো অতি জৰুৰী । চলিত মাহত অৰ্থাৎ আজিৰে পৰা আৰম্ভ হোৱা জুন মাহটোত ৯ দিনৰ বাবে বন্ধ থাকিব বেংক । সেয়েহে আপুনি এই বন্ধৰ তালিকাখন চাই আপোনাৰ অত্যাৱশ্যকীয় কাম সম্পাদন কৰিব পাৰে। গতিকে জুন মাহত কেতিয়া বেংক বন্ধ থাকিব জানি লওক সকলো । ৰাজ্য অনুসৰি বন্ধৰ দিনবোৰ ঠিক কৰা হয় -
ভাৰতীয় ৰিজাৰ্ভ বেংক(RBI)ৰ তৰফৰ পৰা বেংক বন্ধৰ তালিকা (Bank Holidays List) জাৰী কৰা হয় । ৰাজ্য অনুসৰি সকলো বেংকৰ বন্ধ নিৰ্ধাৰণ কৰা হয় । RBIয়ে জাৰী কৰা বন্ধৰ দিন অনুসৰি চলিত জুন মাহত মুঠ ৯টা দিনৰ বাবে বন্ধ থাকিব বেংক । যাৰ ভিতৰত আছে সাপ্তাহিক বন্ধ আৰু বিশেষ বন্ধৰ দিন। এইবাৰ জুন মাহত কোনো ডাঙৰ উৎসৱ নাই, সেয়েহে সাপ্তাহিক বন্ধৰ বাহিৰে, মাত্ৰ ৩টা স্থানীয় উৎসৱ আছে, যিটো দিনত কেইখনমান ৰাজ্যত বন্ধ থাকিব বেংক ।
চাই লওক বেংক বন্ধৰ সম্পূৰ্ণ তালিকা -
৬ জুন - দেওবাৰ
১২ জুন - দ্বিতীয় শনিবাৰ
১৩ জুন - দেওবাৰ
১৫ জুন - মিথুন সংক্ৰান্তি আৰু ৰজ পৰ্ব (ইজৱাল-মিজোৰাম, ভূৱনেশ্বৰত বেংক বন্ধ থাকিব)
২০ জুন - দেওবাৰ
২৫ জুন - গুৰু হৰগোবিন্দজীৰ জন্ম জয়ন্তী (জম্মু আৰু শ্ৰীনগৰৰ বেংকসমূহ বন্ধ থাকিব)
২৬ জুন - দ্বিতীয় শনিবাৰ
২৭ জুন - দেওবাৰ
৩০ জুন - ৰেমনা নি (কেৱল ইজৱালত বন্ধ থাকিব বেংক)
(টোকা: এই বন্ধৰ তালিকা RBIৰ ৱেবছাইটৰ পৰা লোৱা হৈছে।)