মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »Bank Holidays: আগষ্ট মাহত ১৫ দিন বন্ধ থাকিব বেংক, আপুনি জানি লোৱাটো খুবেই প্ৰয়োজন

Bank Holidays: আগষ্ট মাহত ১৫ দিন বন্ধ থাকিব বেংক, আপুনি জানি লোৱাটো খুবেই প্ৰয়োজন

প্ৰতিখন ৰাজ্যত পৃথক পৃথক দিনত ছুটী ঘোষণা কৰা হয়। কিছুমান ৰাজ্যত স্থানীয় প্ৰয়োজন অনুসৰি ছুটী ঘোষণা কৰা হয়।

প্ৰতিখন ৰাজ্যত পৃথক পৃথক দিনত ছুটী ঘোষণা কৰা হয়। কিছুমান ৰাজ্যত স্থানীয় প্ৰয়োজন অনুসৰি ছুটী ঘোষণা কৰা হয়।

প্ৰতিখন ৰাজ্যত পৃথক পৃথক দিনত ছুটী ঘোষণা কৰা হয়। কিছুমান ৰাজ্যত স্থানীয় প্ৰয়োজন অনুসৰি ছুটী ঘোষণা কৰা হয়।

  • Share this:


Bank Holidays August 2021: আজিকালি বেংকে নিজৰ গ্ৰাহকক ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰাৰ বাবে উৎসাহিত কৰিছে, কিন্তু তথাপি বেংকৰ সৈতে সম্পৰ্কিত কিছুমান কাম কৰাৰ বাবে বেংকলৈ যোৱাটো প্ৰয়োজন হৈ পৰে। সেয়েহে বেংক কোনদিনা খোলা থাকিব সেই কথাটোও গুৰুত্বপূৰ্ণ। এইবাৰ আগষ্ট মাহত শনিবাৰ–দেওবাৰ মিলাই মুঠ ১৫ দিন বন্ধ থাকিব বেংক।

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নটিফিকেচন মতে, সকলো বেংক মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ আৰু দেওবাৰে বন্ধ থাকে। এই নিয়ম প্ৰাইভেট আৰু চৰকাৰী সকলো বেংকতে প্ৰযোজ্য। RBIৰ কেলেণ্ডাৰৰ মতে, আগষ্ট মাহত ৮ দিন বেংক বন্ধ থাকিব। বাকী যিকেইদিন বাকী থাকিব সেয়া সাপ্তাহিক ছুটী। কিন্তু মন কৰিবলগীয়া যে দেশৰ সকলো ৰাজ্যৰ সকলো বেংকত একেলগে ৮ দিন ছুটী নাথাকে। প্ৰতিখন ৰাজ্যত পৃথক পৃথক দিনত ছুটী ঘোষণা কৰা হয়। কিছুমান ৰাজ্যত স্থানীয় প্ৰয়োজন অনুসৰি ছুটী ঘোষণা কৰা হয়।

আগষ্ট মাহত কোনকেইটা দিনত বেংক বন্ধ

১ আগষ্ট ২০২১ – দেওবাৰ হোৱাৰ বাবে বেংক বন্ধ।

৮ আগষ্ট ২০২১ – এই দিনটোও দেওবাৰ।

১৩ আগষ্ট ২০২১ – এই দিনটোত Patriots Day হোৱাৰ বাবে ইম্ফল জ’নত বেংক বন্ধ থাকিব।

১৪ আগষ্ট ২০২১ – দ্বিতীয় শনিবাৰ হোৱাৰ বাবে বেংক বন্ধ।

১৫ আগষ্ট ২০২১ – দেওবাৰ আৰু স্বাধীনতা দিৱস।

১৬ আগষ্ট ২০২১ – এই দিনটো পাৰ্চী নৱবৰ্ষ হোৱা বাবে মহাৰাষ্ট্ৰৰ বেলাপুৰ, মুম্বাই আৰু নাগপুৰ জ’নত বেংক বন্ধ থাকিব।

১৯ আগষ্ট ২০২১ – মহৰমৰ বাবে আগৰতলা, আহমেদাবাদ, বেলাপুৰ, ভূপাল, হায়দৰাবাদ, জয়পুৰ, জম্মু, কাণপুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, ৰায়পুৰ, ৰাঁচী আৰু শ্ৰীনগৰৰ দৰে জ’নত বেংক বন্ধ থাকিব।

২০ আগষ্ট ২০২১ – মহৰম আৰু প্ৰথম অণম হোৱা বাবে বেংগালুৰু, চেন্নাই, কোচী আৰু কেৰালা জ’নত বেংক বন্ধ।

২১ আগষ্ট ২০২১ – থিৰুভোনমৰ বাবে কোচী আৰু কেৰালাত বেংক বন্ধ।

২২ আগষ্ট ২০২১ – এই দিনটোত ৰক্ষাবন্ধন আৰু দেওবাৰৰ বাবে বেংক বন্ধ।

২৩ আগষ্ট ২০২১ – এই দিনটোত শ্ৰী নাৰায়ণ গুৰু জয়ন্তী, কোচী আৰু কেৰালা জ’নত বেংক বন্ধ।

২৮ আগষ্ট ২০২১ – চতুৰ্থ শনিবাৰৰ বাবে বেংক বন্ধ।

২৯ আগষ্ট ২০২১ – দেওবাৰ হোৱা বাবে বেংক বন্ধ?

৩০ আগষ্ট ২০২১ – এই দিনটো জন্মাষ্টমীৰ বাবে বেংক বন্ধ।

৩১ আগষ্ট ২০২১ – শ্ৰীকৃষ্ণ অষ্টমীৰ বাবে হায়দৰাবাদত বেংক বন্ধ।

শেহতীয়া বাতৰি