ছেপ্টেম্বৰ মাহত কিমান দিন থাকিব বেংক বন্ধ? RBI-এ প্ৰকাশ কৰিলে বন্ধৰ তালিকা

চেপ্তেম্বৰ মাহত মুঠ ১০দিন বন্ধ থাকিব বেংক সেৱা

News18-Assam
Updated:September 2, 2019, 9:06 AM IST
ছেপ্টেম্বৰ মাহত কিমান দিন থাকিব বেংক বন্ধ? RBI-এ প্ৰকাশ কৰিলে বন্ধৰ তালিকা
চেপ্তেম্বৰ মাহত মুঠ ১০দিন বন্ধ থাকিব বেংক সেৱা
News18-Assam
Updated: September 2, 2019, 9:06 AM IST
RBI–এ জাৰি কৰিছে চেপ্তেম্বৰ মাহত বেংক বন্ধৰ তালিকা। চেপ্তেম্বৰ মাহত মুঠ ১০দিন বন্ধ থাকিব বেংক সেৱা। উল্লেখ যোগ্য যে এই ১০ দিন বন্ধৰ ভিতৰত বিভিন্ন ৰাজ্যত পালন কৰা বন্ধৰ লগতে মাহটোৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰো আছে।

মুঠ বন্ধৰ তালিকা

১ চেপ্তেম্বৰ– দেওবাৰ বাবে বেংক বন্ধ।

২ চেপ্তেম্বৰ– গণেশ চতুৰ্থীৰ বাবে আহমেদাবাদ, বেলাপুৰ, বাংগালুৰু, ভূৱনেশ্বৰ, চেন্নাই, হাইদৰাবাদ, মুম্বাই, নাগপুৰ, পানাজীত বন্ধ থাকিব বেংক।

৩ চেপ্তেম্বৰ– ন’আখাই আৰু গণেশ চতুৰ্থীৰ দ্বিতীয় দিনৰ বাবে ভূৱনেশ্বৰ, পানাজীত বেংক বন্ধ থাকিব।

৯ চেপ্তেম্বৰ– মহৰম আৰু কৰ্মা পূজাৰ বাবে ভূৱনেশ্বৰ আৰু ৰাঁচীত বেংক বন্ধ থাকিব।

১০ চেপ্তেম্বৰ– মহৰম, অশুৰাৰ বাবে আগৰতলা, বেলাপুৰ, বাংগালুৰু, ভূপাল, চেন্নাই, হায়দৰাবাদ, জয়পুৰ, জম্মু, কানপুৰ, কোঁচি, কলিকতা, লক্ষ্ণৌ, মুম্বাই, নাগপুৰ, নতুন দিল্লী, পাটনা, ৰায়পুৰ, ৰাঁচী, শিমলা, শ্ৰীনগৰ, তিৰুৱন্তপুৰমত বন্ধ থাকিব বেংক।

১১ চেপ্তেম্বৰ– আহমেদাবাদ, কোঁচি আৰু তিৰুৱন্তপুৰমত মহৰম, থিৰুবোনাম উপলক্ষে বেংক বন্ধ থাকিব।

১৩ চেপ্তেম্বৰ– ইন্দ্ৰযাত্ৰা, পংগ–লাৱছোল, শ্ৰীনাৰায়ন গুৰু জয়ন্তীৰ উপলক্ষে গেংটক, কোঁচি, তিৰুৱন্তপুৰমত বেংক বন্ধ থকিব।

১৪ চেপ্তেম্বৰ– মাহত দ্বিতীয় শনিবাৰ

২১ চেপ্তেম্বৰ– শ্ৰী নাৰায়ন গুৰু সমাধিৰ দিন, গতিকে বন্ধ থাকিব কোঁচি আৰু তিৰুৱন্তপুৰমত বেংক।

২৮ চেপ্তেম্বৰ– মহালয়াৰ বাবে বাংগালুৰু আৰু কলিকতাত বেংক বন্ধ থাকিব।
আৰু চাওক পৰৱৰ্তী বাতৰি