আজিৰ পৰা আৰম্ভ হৈছে জুলাই মাহ। জুলাই মাহৰ বেংক বন্ধৰ বিষয়ে জানি থোৱাটো প্ৰয়োজনীয়। এই তথ্যৰে বেংক সম্বন্ধিত কাম সহজতে হৈ যায়। বন্ধ কেতিয়া কেতিয়া হ’ব সেই বিষয়ে জানি থলে বেংক সম্বন্ধিত কামসমূহ আগতীয়াকৈ কৰিব পৰা যায়। জানো আহক জুলাই মাহত কিমান দিন আৰু কেতিয়া বন্ধ থাকিব বেংক।
কোনখন ৰাজ্যত কেতিয়া কেতিয়া বন্ধ থাকিব বেংক–>> মুঠ ৮ দিন বন্ধ থাকিব বেংক।
>> ৪ জুলাইত ওড়িশাত বেংক বন্ধ থাকিব। এই দিনটোত ভগবান জগন্নাথৰ ৰথযাত্ৰাৰ আৰম্ভণি হয়।
>> ৫ জুলাইত শিখসকলৰ ষষ্ঠ গুৰু হৰগোবিন্দ সিঙৰ জন্মদিন উপলক্ষে জম্মু–কাশ্মীৰত থাকিব বেংক বন্ধ।
>> ১০ জুলাইত আগৰতলাত থাকিব বেংকৰ বন্ধ। আগৰতলাৰ মন্দিৰসমূহত সপ্তাহজুৰি অনুষ্ঠিত হ’বলগীয়া বহুপ্ৰত্যাশিত ‘খাৰচী’ উৎসৱ ভক্তৰ আস্থাৰ কেন্দ্ৰবিন্দু।
>> ১৩ জুলাইত সমগ্ৰ দেশত বন্ধ থাকিব বেংকসমূহ। দ্বিতীয়টো শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব বেংকসমূহ।
>> ১৪ জুলাইত প্ৰসিদ্ধ সাংস্কৃতিক উৎসৱ বেহদীনখলম উপলক্ষে মেঘালয়ত বন্ধ হৈ থাকিব বেংকসমূহ।
>> ১৭ জুলাইতো মেঘালয়ত বন্ধ থাকিব বেংকসমূহ। তিৰৌত সিং ডে উপলক্ষে বন্ধ থাকিব বেংক।
>> ২৩ জুলাইত আগৰতলাত অনুষ্ঠিত হ’ব কেৰ পূজা। এই উপলক্ষে বন্ধ থাকিব বেংকসমূহ।
>> ২৭ জুলাই, মাহটোৰ চতুৰ্থটো শনিবাৰ। চতুৰ্থ শনিবাৰত বেংক বন্ধ থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|