যদি আপোনাৰ বেংকৰ কাম কৰিবলগীয়া আছে তেন্তে এই খবৰটো আপোনাৰ কাৰণে যথেষ্ট প্ৰয়োজনীয়। কাৰণ RBIৰ ৱেবছাইটৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি জুন মাহত বেংক বন্ধ থাকিব ৬ দিন। এই ৬ দিনৰ বন্ধত অন্য ৰাজ্যত হ’বলগীয়া বন্ধসমূহো অন্তৰ্ভুক্ত কৰা হৈছে। জানো আহক জুন মাহত কেইদিন আৰু কেতিয়া বন্ধ থাকিব বেংক।
RBIৰ তৰফৰ পৰা জুন মাহৰ বন্ধৰ তালিকাঃ>> ৫জুন- ঈদ–উল–ফিটৰ। বন্ধ থাকিব প্ৰতিখন ৰাজ্যৰ বেংকসমূহ।
>> ৬ জুন- মহাৰাণা প্ৰতাপ জয়ন্তী। এই দিনটোত হিমাচল প্ৰদেশত বন্ধ থাকিব বেংক।
>> ৮ জুন- দ্বিতীয় শনিবাৰে থকা বন্ধ।

>> ১৫ জুন- ৰাজা সংক্ৰান্তি। এই দিনটোত বেংক বন্ধ থাকিব ওড়িশাত।
>> ১৫ জুন- ৱাইএমডে। এই দিনটোত বেংক বন্ধ থাকিব মিজোৰামত।
>>১৭ জুন- ছাগা দাবা। এই দিনটোত ছিকিমত বন্ধ থাকিব বেংক।
>> ২২জুন- চতুৰ্থ শনিবাৰে থকা বন্ধ।
এইসমূহ উৎসৱত বেংক বন্ধ থাকিব ৰাজ্যতঃৰেমনা নী– মিজোৰামত পালন কৰা হয় এই উৎসৱ। আচলতে, ১৯৮৬ৰ ৩০ জুনত কেন্দ্ৰ চৰকাৰ আৰু মিজো নেচনেল ফ্ৰণ্ট(MNF)ৰ মাজত ‘মিজোৰাম শান্তি বুজাবুজি’ত হস্তাক্ষৰ কৰা হৈছিল। সেইসময়ৰে পৰা প্ৰতিবছৰে মিজোৰামত বাৰ্ষিকী উদযাপন কৰা হয়।
পহীলী ৰাজা– এই উৎসৱ বিশেষভাৱে পালন কৰা হয় ওড়িশাত। এই দিনটোত বেংক বন্ধ থাকিব ওড়িশাত।
ৰাজা বা মিথুন সংক্ৰান্তি– এই উৎসৱো ওড়িশাৰ লোকসকলে উদযাপন কৰে। তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই উৎসৱ।
গুৰু অৰজন দেৱ শ্বহীদী দিৱস– এই দিনটোত শিখ সম্প্ৰদায়ৰ লোকসকল যায় গুৰুদ্বাৰত। গুৰুদ্বাৰত কীৰ্তনৰ পিছত লংগৰৰ আয়োজন কৰা হয়।
খৰচী পূজা– ত্ৰিপুৰাত উদযাপন কৰা হয় এই উৎসৱ।
Published by: Dulu Medhi
FIRST PUBLISHED : June 05, 2019, 18:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।