গ্ৰাহকসকলে যদি বিচাৰে যে চেকৰ জৰিয়তে ট্ৰানজেকশ্যনত কোনো খেলিমেলি নহওক, তেন্তে নতুন চেকবুক লোৱাটো প্ৰয়োজনীয়।
বেংকৰ গ্ৰাহকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। দুদিন পিছত অৰ্থাৎ ১ অক্টোবৰৰ পৰা অৰিয়েণ্টেল বেংক অব কমাৰ্চ (OBC) আৰু ইউনাইটেড বেংক অব ইণ্ডিয়া (UBI)ৰ পুৰণি চেকবুক অচল হৈ পৰিব। উল্লেখযোগ্য যে ১ অক্টোবৰৰ পৰা অৰিয়েণ্টেল বেংক, এলাহাবাদ বেংক আৰু ইউনাইটেড বেংক অব ইণ্ডিয়াৰ পুৰণি চেকবুক অছল হৈ পৰিব। কিয়নো অৰিয়েণ্টেল আৰু ইউনাইটেড বেংকৰ একত্ৰীকৰণ পঞ্জাব নেচনেল বেংকৰ সৈতে ১ এপ্ৰিল ২০২০ৰ পৰা কৰা হৈছে আৰু এতিয়া এয়া কাৰ্যকৰী হৈছে। ইয়াৰ বিষয়ে ইতিমধ্যে জনাইছে পঞ্জাব নেচনেল বেংকে।
১ অক্টোবৰৰ পৰা বন্ধ হ’ব পুৰণি চেকবুক
পিএনবিয়ে এটা টুইটত কৈছে যে ১ অক্টোবৰৰ পৰা ই–অ’বিচি আৰু ই–ইউবিআইৰ পুৰণি চেকবুকে কাম নকৰিব। গ্ৰাহকক কোৱা হৈছে যে যিসকল লোকৰ ওচৰত এই বেংকৰ পুৰণি চেকবুক আছে, তেওঁলোকে শীঘ্ৰে চেকবুক ৰিপ্লেচ কৰি লওক, অন্যথা ১ অক্টোবৰৰ পৰা পুৰণি চেকবুক বন্ধ হৈ পৰিব।
নতুন চেকবুকৰ বাবে এনেকৈ কৰক আবেদন
নতুন চেকবুকৰ বাবে গ্ৰাহকে বেংকৰ শাখালৈ যাব লাগিব। ইয়াৰ উপৰি বেংকৰ গ্ৰাহকসকলে ইনলাইনতো চেকৰ বাবে আবেদন কৰিব পাৰে। ইণ্টাৰনেট বেংকিং বা ম’বাইল বেংকিংৰ জৰিয়তে চেকবুকৰ বাবে আবেদন কৰিব পাৰে।
ট’ল ফ্ৰী নম্বৰত কৰিব পাৰে কল
গ্ৰাহকসকলে যদি বিচাৰে যে চেকৰ জৰিয়তে ট্ৰানজেকশ্যনত কোনো খেলিমেলি নহওক, তেন্তে নতুন চেকবুক লোৱাটো প্ৰয়োজনীয়। গ্ৰাহকে বেংকলৈ গৈ সহজতে নতুন চেকবুক সংগ্ৰহ কৰিব পাৰিব। গ্ৰাহকে এই বিষয়ে অধিক তথ্যৰ বাবে ট’ল ফ্ৰী নম্বৰ 18001802222ত কল কৰিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|