টকিঅ' অলিম্পিক (Tokyo Olympics)ত শনিবাৰৰ দিনটো ভাৰতৰ বাবে চিৰকাললৈ এটা ঐতিহাসিক দিন হৈ ৰ'ব। ভাৰতৰ পালোৱান বজৰং পুনিয়া (Bajrang Punia Bronze Medal)ই ব্ৰঞ্জৰ পদক জয় কৰে। অলিম্পিকত পদক লাভৰ পাছত পুনিয়াৰ ওপৰত পুৰস্কাৰৰ বৰষুণ হ'বলৈ ধৰিছে। হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ(CM Manohar Lal Khattar)এ টুইট কৰি জনায় যে বজৰঙক হাৰিয়ানা চৰকাৰৰ ফালৰ পৰা ২.৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদানৰ লগতে চৰকাৰী চাকৰিও প্ৰদান কৰা হ'ব।
ভাৰতৰ মল্লযুঁজাৰু বজৰং পুনিয়া (Bajrang Punia Bronze Medal)ই ফ্ৰীষ্টাইল কুস্তীত ৬৫ কলোগ্ৰাম শিতানত কাজাখাস্তানৰ খেলুৱৈ নিয়াজবেকোভ দৌলতক একপক্ষীয় যুঁজত পৰাস্ত কৰে। ব্ৰঞ্জ পদকৰ এই খেলখনত পুনিয়াই এক পইণ্টো প্ৰতিপক্ষক ল'বলৈ এৰি নিদিলে আৰু নিজৰ প্ৰথম অলিম্পিকতে তেওঁ মেডেল জয় কৰি সমগ্ৰ ভাৰতবাসীৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হ'ল। এই পদকৰ সৈতে অলিম্পিকত ভাৰতৰ মুঠ পদকৰ সংখ্যা হ'লগৈ ৭টা।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে (CM Manohar Lal Khattar) টুইট কৰি জনায় যে, বজৰঙক হাৰিয়ানা চৰকাৰৰ ফালৰ পৰা ২.৫ কোটি টকাৰ পুৰস্কাৰ প্ৰদানৰ লগতে চৰকাৰী চাকৰিও প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি তেওঁ আধা দামত এটুকুৰা মাটি দিবলৈও সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে মুখ্যমন্ত্ৰী খট্টৰে কয় যে বজৰঙৰ গাঁও খুডনত সম্পূৰ্ণ আধুনিক সা-সুবিধাৰে ইন্দোৰ ষ্টেডিয়াম বনোৱা হ'ব। মুখ্যমন্ত্ৰী খট্টৰে টিভিত নিজেই সম্পূৰ্ণ খেলখন উপভোগ কৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : August 07, 2021, 20:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।