ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকলৈ সৰব বজৰং দল। প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বহু কেইটা আঁসোৱাহ ৰৈ যোৱাৰ অভিযোগ বজৰং দলৰ। নাগৰিক পঞ্জীৰ পৰা বাদ পৰা সকলো হিন্দুৰ নাম সন্নিৱিষ্ট কৰা আৰু ১৯৭১ চনৰ পিছত অহা সকলো হিন্দু বাঙালী লোককে নাগৰিকত্ব প্ৰদান কৰাৰ দাবীৰে ৬ চেপ্তেম্বৰত অসম বন্ধৰ আহ্বান জনাইছে সংগঠনটোৱে। কিন্তু সেইদিনাই মুক্তিলাভ কৰিব জুবিন গাৰ্গৰ ছবি কাঞ্চনজংঘা।
ছবিখন মুক্তি পোৱা দিনটোতে বজৰং দলে অসম বন্ধৰ আহ্বান জনোৱা কাৰ্যক এতিয়া সহজ ভাবে ল’ব পাৰ নাই জুবিন গাৰ্গৰ অনুৰাগী সকলে। উল্লেখ্য যে বজৰং দলৰ এই বন্ধলৈ সতীৰ্থ সংগঠন আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদেও সমৰ্থন আগবঢ়াইছে।
কাঞ্চনজংঘাৰ মুক্তিৰ দিনাই আহ্বান জনোৱা অসম বন্ধৰ সন্দৰ্ভত জুবিন গাৰ্গে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ’ব লক্ষ্যণীয়। কিন্তু জুবিন গাৰ্গৰ একাংশ অনুৰাগীয়ে উল্লেখ কৰিছে যে, বন্ধই কোনো প্ৰভাৱ পেলাব নোৱাৰে ছবিখন চলাত!
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|