• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মাতৃদুগ্ধ পান কৰা শিশুটিয়ে চকুৰে নেদেখে! প্ৰথমবাৰ চশমা পিন্ধাৰ পিছতে যি ঘটনা ঘটিল, ভাইৰেল Video

মাতৃদুগ্ধ পান কৰা শিশুটিয়ে চকুৰে নেদেখে! প্ৰথমবাৰ চশমা পিন্ধাৰ পিছতে যি ঘটনা ঘটিল, ভাইৰেল Video

ভিডিও পোষ্ট হোৱাৰ দুদিনৰ ভিতৰত ২ লাখৰ সীমা অতিক্ৰম কৰিছে ভিউয়াৰ্চৰ সংখ্যাই।

ভিডিও পোষ্ট হোৱাৰ দুদিনৰ ভিতৰত ২ লাখৰ সীমা অতিক্ৰম কৰিছে ভিউয়াৰ্চৰ সংখ্যাই।

ভিডিও পোষ্ট হোৱাৰ দুদিনৰ ভিতৰত ২ লাখৰ সীমা অতিক্ৰম কৰিছে ভিউয়াৰ্চৰ সংখ্যাই।

  • Share this:
কঠিন এই পৃথিৱীত ভাইৰেল ভিডিওই বিভিন্ন সময়ত মনলৈ আনে শান্তি। সৰু সৰু এই ভিডিওই জনপ্ৰিয়তা অৰ্জন কৰাৰ ডাঙৰ কাৰণ হ'ল, কম সময়ৰ বাবে ই মানুহৰ মনলৈ আনে আনন্দ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু হাস্যৰসিক ভিডিও যিকোনো সময়ত ভাইৰেল হোৱা দেখা যায়।

এটা সাধাৰণ ভিডিওই মন চুইছে সকলোৰে। এটি কন্যা শিশুৱে চশমা পৰিধান কৰাৰ পিছত প্ৰথমবাৰলৈ সকলো পৰিষ্কাৰ ভাবে দেখা পালে। এটা ইউটিউব চেনেলৰ পৰা ভাইৰেল হয় ২৮ ছেকেণ্ডৰ ভিডিও ক্লীপটো। শিশু আৰু তেওঁৰ পিতৃ-মাতৃৰ এই ভিডিওটোৱে ইতিমধ্যে ২ লাখৰ ঘৰ অতিক্ৰম কৰিছে।



একেবাৰে কণমানি শিশুটি দেউতাকৰ কোলাত আছিল। চকুৰে ভালদৰে দেখা নোপোৱা কণমানিজনীক ইয়াৰ পিছতে প্ৰথমবাৰলৈ এজোৰ চশমা পিন্ধাই দিলে। লগে লগে প্ৰথমবাৰলৈ চকুৰে দেখিলে সকলো। সেইসময়তে শিশুটিৰ মুখত ভাহি আঙিল নিৰ্মল হাঁহি।
Published by:Himangshu Bhuyan
First published: