পাকিস্তানৰ প্ৰতিভাৱান খেলুৱৈ বাবৰ আজম। কেৱল ৰাষ্ট্ৰীয় দলত নিজৰ স্থান সুদৃঢ় কৰাই নহয়, শক্তিশালী বেটিং তথা খেলুৱৈসুলভ পাৰদৰ্শিতাৰে অধিনায়কত্বৰ দায়িত্বও লৈছে তেওঁ। পাক অধিনায়কজনে তেওঁৰ পেছাদাৰী কেৰিয়াৰত থিতাপি লোৱাৰ পিছত তেওঁৰ জীৱনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিবলৈ সাজু হৈছে। বাতৰি অনুসৰি, বাবৰে অহা বছৰ বিবাহ পাশত আবদ্ধ হ'বলৈ সাজু হৈছে।
কিন্তু উপযুক্ত কইনা বিচাৰি পোৱাত বিশেষ অসুবিধা হোৱা নাছিল তেওঁৰ। পাকিস্তান, বাংলাদেশ তথা ভাৰতৰ বিভিন্ন মিডিয়াত প্ৰচাৰিত খবৰ অনুসৰি, তেওঁ বিয়া কৰাব ওলাইছে খুৰাকৰ ছোৱালীক। দুয়োটা পৰিয়ালে বিয়াখনত সন্মতি দিয়ে আৰু বাগদান পৰ্বও হৈ গৈছে।
উল্লেখ্য, ক্ৰিকেটাৰ বাবৰৰ বিৰুদ্ধে পূৰ্বে এগৰাকী পাক ছোৱালীয়ে বিবাহৰ প্ৰতিশ্ৰুতিৰে যৌন উৎপীড়ন আৰু সহবাসৰ অভিযোগ উত্থাপন কৰিছিল। ছোৱালীজনীয়ে এই সন্দৰ্ভত বাবৰৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগো দাখিল কৰিছিল। লাহোৰৰ এখন আদালতেও পাক তাৰকাৰ বিৰুদ্ধে এটা গোচৰৰ নিৰ্দেশ দিছিল। বাবৰে যুৱতীগৰাকীক পিছত গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ ভাবুকি দিছিল বুলিও খবৰ ওলাইছিল।
যি কি নহওক, জীৱনৰ আন এটা ইনিংছ খেলিবলৈ সাজু হৈছে বাবৰ আজম। এইক্ষেত্ৰত পাকিস্তানী টেষ্ট ক্ৰিকেটৰ অধিনায়ক আজহাৰ আলীয়ে তেওঁক পৰামৰ্শ দিছিল– 'বিয়াটো কৰাই পেলা।' এতিয়া তাকেই কৰিবলৈ গৈ আছে বাবৰে।
অৱশ্যে সম্বন্ধীয় ভনীয়েকক পাত্ৰী ৰূপে বিচাৰি পোৱা বিষয়টোৱে তেওঁক বহুল চৰ্চালৈ অনা দেখা গৈছে। বিষয়টো পাকিস্তানী সংবাদ সংস্থাই প্ৰকাশ কৰাৰ পিছতে ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এতিয়া। কিন্তু এয়া সঁচা নে মিছা তাক জানিবলৈ বাবৰ আজমৰ প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। পাকিস্তানী নিউজ পেপাৰ 'ডন'ৰ মতে অৱশ্যে এয়া এক হাস্যৰস উদ্ৰেকৰ ঘটনা, যাক টুইটাৰেও ৰখাব পৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|