মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »IPL 2020: পতঞ্জলি হ’ব নেকি আই পি এলৰ ‘Title Sponsor’?

IPL 2020: পতঞ্জলি হ’ব নেকি আই পি এলৰ ‘Title Sponsor’?

আই পি এলৰ টাইটেল স্পনচৰ কোন হ’ব? এতিয়া চৰ্চাত এই বিষয়!

আই পি এলৰ টাইটেল স্পনচৰ কোন হ’ব? এতিয়া চৰ্চাত এই বিষয়!

আই পি এলৰ টাইটেল স্পনচৰ কোন হ’ব? এতিয়া চৰ্চাত এই বিষয়!

  • Share this:
লাডাখৰ গালৱানৰ ভাৰত-চীন সীমান্তত দুয়োখন দেশৰ মাজত হোৱা সংঘাতত ২০ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হ’ল। আৰু সেই ঘটনাৰ পিছৰ পৰাই দুয়োখন দেশৰ মাজৰ বৈদেশিক সম্পৰ্ক ব্যাপক অৱনতি ঘটিল। ভাৰতবৰ্ষত এতিয়া চীনৰ সামগ্ৰী বৰ্জনৰ বাবে সৃষ্টি হৈছে ব্যাপক জনমতৰ। আনকি আই পি এলৰ টাইটেল স্পনচৰ ‘ভিভো’কো প্ৰতিবাদৰ অন্তত বাদ দিবলগীয়া হ’ল বিবিচিআইয়ে।

অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ২০২০ বৰ্ষৰ আই পি এল। এতিয়া আই পি এলৰ স্পনছৰ হ’বলৈ মন মেলিছে বহু কেইটা দেশী-বিদেশী প্ৰতিষ্ঠানে। ইফালে স্পনছৰ নিৰ্বাচনৰ বাবে বিচিচিআইৰ হাততো নাই বেছি সময়। জানিব পৰা মতে, বাবা ৰামদেৱৰ পতঞ্জলিও এইবাৰ আছে আই পি এলৰ টাইটেল স্পনছৰ হোৱাৰ দৌৰত।



২০০৬ চনৰ পৰাই বিভিন্ন আয়ুৰ্বেদিক আৰু হাৰ্বেল প্ৰডাক্ট উত্‍পাদন কৰি আহিছে ৰামদেৱৰ পতঞ্জলিয়ে। এইবাৰ আই পি এলৰ মাধ্যমেৰে বিদেশলৈকে নিজৰ ব্যৱসায়ৰ সম্প্ৰসাৰণৰ মন মেলিছে পতঞ্জলিয়ে। সংবাদ প্ৰতিষ্ঠান ইকোনমিক টাইমছক পতঞ্জলিৰ মুখপাত্ৰই জনাইছে যে, ‘এইবছৰ আই পি এলৰ টাইটেল স্পনচৰ হোৱাৰ কথা ভাবিছো আমি। আমাৰ পতঞ্জলি ব্ৰেণ্ডক আৰু আগুৱাই নিয়াৰ বাবে এই সিদ্ধান্ত লৈছো। ’

ব্ৰেণ্ড বিশ্লেষক হৰিশ বিজৰেৰ মতে, পতঞ্জলি টাইটেল স্পনছৰ হ’লে তেওঁলোকৰেই লাভ হ’ব। তেওঁ লগতে কয় যে, ‘ৰাষ্ট্ৰীয়তাবাদ প্ৰেক্ষাপটত থাকি পটঞ্জলি স্পনচৰ হ’লে ইতিবাচক প্ৰভাৱ পৰিব। কাৰণ দেশত এতিয়া চীন বিৰোধী শ্লোগান।’

শেহতীয়া বাতৰি