আয়ুষ্মান খুৰানাৰ আগন্তুক ছবি শুভমংগল জ্যাদা সাৱধান এতিয়া চৰ্চাৰ শীৰ্ষত। ছবিৰ ট্ৰেইলাৰ ৰীলিজ হোৱাৰ পিছতে ইয়াক যথেষ্ট পচন্দ কৰা হৈছে। আয়ুষ্মানে এই নতুন ছবিক লৈ নিজৰ পিতৃ–মাতৃৰ প্ৰতিক্ৰিয়াৰ বিষয়ে জনাইছিল। এতিয়া তাহিৰাই নিজৰ পুত্ৰ বীৰাজবীৰ খুৰানাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
তাহিৰাই টুইট কৰি লিখিছে–
পিতৃৰ আগন্তুক ছবি (শুভ মংগল জ্যাদা সাৱধান)ৰ বিষয়ে মই মোৰ ৮বছৰীয়া ল’ৰাটোক প্ৰশ্ন কৰিছিলো যে হম’ছেক্সুৱেলিটী (সমকামিতা) বা গে’ৰ বিষয়ে কি জানে? ইয়াৰ উত্তৰত সি জানে বুলি ক’লে। লগতে এইবোৰক লৈ কোনো সমস্যা নাই বুলিও ক’লে। মোৰ চকুপানী ওলাল। মই তাক লৈ গৰ্বিত’
আনহাতে ইয়াৰ পূৰ্বে আয়ুষ্মান খুৰানাই এটা ইণ্টাৰভিউত নিজৰ অভিভাৱকৰ প্ৰতিক্ৰিয়াৰ বিষয়ে প্ৰকাশ কৰিছিল। আয়ুষ্মানে কৈছিল যে
‘মই যেতিয়া এই ছবিৰ ট্ৰেইলাৰ তেওঁলোকক দেখুৱালো তেতিয়া তেওঁলোকে এয়া যথেষ্ট ভাল পালে। তেওঁলোকে হাঁহি উঠা দৃশ্যবোৰত যথেষ্ট হাঁহিলেও। মই তেওঁলোকৰ প্ৰতিক্ৰিয়া যথেষ্ট ভালপালো। মোৰ লাগিল যে মোৰ চৰিত্ৰই তেওঁলোকক একাত্ম বোধ কৰোৱাত সহায় কৰিছে।’ব্যতিক্ৰমী আৰু সামাজিক বিষয়ৰ চিনেমাৰ কাৰণে পৰিচিত আয়ুষ্মান খুৰানাৰ ছবিখন ২১ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিব। ছবিখনত অভিনয় কৰিছে নীনা গুপ্তা, গিৰিৰাজ ৰাও আৰু জিতেন্দ্ৰই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|