দেশত কোৰোণা মহামাৰীৰ পিছত বাবা ৰামদেৱ (Baba Ramdev) আৰু ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (IMA)ৰ মাজত হোৱা বাক-বিতণ্ডা আয়ুৰ্বেদ (Ayurveda) বনাম এলোপেথিৰ (Allopathy)মাজৰ বিতৰ্কত পৰিণত হয়। ইয়াত কেৱল সমগ্ৰ দেশৰ এলোপেথিক চিকিৎসকেই নহয় সকলো আয়ুৰ্বেদ প্ৰতিষ্ঠান আৰু আয়ুৰ্বেদৰ বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰিছিল।
ছ'চিয়েল মিডিয়াৰ পৰা সাধাৰণ লোকৰ মাজতো চৰ্চিত হোৱা এই বিতৰ্ক সন্দৰ্ভত আয়ুষ মন্ত্ৰণালয়-চিএছআইআৰৰ যুটীয়া নিৰীক্ষণ সমিতিৰ লগতে ক্লিনিকেল ট্ৰায়েল্ছৰ অধ্যক্ষ আৰু আইচিএমআৰৰ (ICMR)ৰ প্ৰাক্তন ডিজি ডাঃ ভিএম কটোচে নিউজ ১৮ৰ সৈতে বিশদভাৱে কথা পাতিছে। লগতে এনে বিতৰ্কক ভিত্তিহীন আৰু হানিকাৰক বুলি অভিহিত কৰিছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ (Health Ministry) প্ৰাক্তন স্বাস্থ্য সচিব ডাঃ কটোচে কয়, "মই সচিব হৈ আছিলো, যাৰ পিছত এতিয়া আয়ুষ (Ayush) আৰু চিএছআইআৰ লগতে বহুতো সমিতিৰ অধ্যক্ষতা কৰি আছো, কিন্তু মই এতিয়ালৈকে দেখিছো যে বিজ্ঞানৰ কোনো দৰ্শন বা ধৰ্ম নাই, বিজ্ঞান কেৱল বিজ্ঞান। আপুনি ইয়াক পুৰণি আৰু আধুনিক বিজ্ঞান ৰূপে ভাগ কৰিব নোৱাৰে যিদৰে বৰ্তমান এলোপেথি আৰু আয়ুৰ্বেদক লৈ কোৱা হৈছে। বিজ্ঞান কেৱল তথ্যৰ দ্বাৰা পৰিচালিত।
অব্যাহত থকা এই তৰ্ক-বিতৰ্কত যিসকলে নিজকে আয়ুৰ্বেদৰ সমৰ্থক বুলি ভাৱে তেওঁলোকে আয়ুৰ্বেদৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু এলোপেথিৰ সমৰ্থকসকলেও সপক্ষে আগবঢ়াইছে বক্তব্য। প্ৰকৃততে বিজ্ঞানৰ বিষয়ে এই বিৰ্তকৰ মাজত আলোচনা কৰা হোৱা নাই। বিজ্ঞান আৰু ইয়াৰ গৱেষণাৰ বিষয়ে আলোচনা হোৱাতকৈ ইয়াত পৰিলক্ষিত হৈছে পক্ষপাতিত্ব। এই বিতৰ্ক আয়ুৰ্বেদ আৰু এলোপেথিৰ সৈতে কোনো সম্পৰ্ক অথবা অৰ্থ নাই। বৰ্তমান পৰিস্থিতিত আমি কোৰোণাৰ বিষয়ে বহুতো পৰামৰ্শৰ কথা অৱগত হ'ব পাৰিছো। সেইবোৰ লাগিলে আয়ুষ মন্ত্ৰণালয় বা স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি নকৰক কিয়, কিন্তু ইয়াৰ বেছিভাগেই যুটীয়াভাৱে জাৰি কৰা হৈছে। প্ৰকৃততে এনে হৈ আছে যে বহু লোকে আয়ুৰ্বেদ আৰু এলোপেথিৰ বিষয়ে নিম্ন পৰ্যায়ত তৰ্ক কৰি নিজকে বিজ্ঞানী বুলি ঘোষণা কৰিছে আৰু এইটো দুয়োটা ফালৰ পৰা অব্যাহত থকা দেখা গৈছে।
কিয় উদ্ভৱ হৈছে বিতৰ্ক?কোনো এজন ব্যক্তিৰ ৰোগ নিৰাময়ত দক্ষতা বা অভিজ্ঞতা থাকিলে আন কোনো ব্যক্তিৰ অন্য ক্ষেত্ৰত থাকে অভিজ্ঞতা। এই দক্ষতাবোৰ আয়ুৰ্বেদৰ পৰা হোমিঅ'পেথি বা এলোপেথিলৈকে যিকোনো হ'ব পাৰে, কিন্তু ইয়াত যি ঘটিছে সেয়া হ'ল মানুহে এই সকলোবোৰক আধাৰিত কৰি দাবী কৰা আৰম্ভ কৰে আৰু যেতিয়া আনজনে এইটোৰ ওপৰত দাবী কৰে তেতিয়া এইটো নিশ্চিত যে সমালোচনা হ'ব আৰু আনজন ব্যক্তিয়েও প্ৰতিক্ৰিয়া আৰম্ভ কৰিব। আৰু তেনেদৰেই উদ্ভৱ হয় বিতৰ্কৰ।
বৰ্তমানলৈকে এই বিতৰ্ক মানুহৰ আৱেগৰ পৰাই উদ্ভৱ হৈছে ইয়াত কোনো বৈজ্ঞানিক ভিত্তি নাই। কাৰোবাৰ প্ৰতি অন্ধভাৱে সমৰ্থন কৰা আৰু কাৰোবাক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰাটো সঠিক বিতৰ্ক নহয়। এনে হ'ব নালাগে।
মই কোনো দাবী সমৰ্থন নকৰোডাঃ কটোচে কয়, 'মই বিশ্বাস কৰো বিজ্ঞান প্ৰমাণ আৰু তথ্যৰ ওপৰত আধাৰিত হ'ব লাগে। সমিতি গঠন কৰা হৈছে, তেওঁলোকে সেইবোৰ পুনৰীক্ষণ কৰা উচিত আৰু তাৰ পিছত পৰামৰ্শ দিয়া উচিত। ইয়াৰ দ্বাৰা চলি থকা অনাৱশ্যক আৰু অপ্ৰয়োজনীয় বিবাদ আৰু বিতৰ্ক বন্ধ হ'ব।'
মই কেতিয়াও Aৰ ওপৰত Bএ অথবা Bৰ ওপৰত Aএ অনা অভিযোগ সমৰ্থন নকৰো। মোৰ কথা হ'ল যে এই সকলোবোৰ কথা ভুল।
আয়ুষ মন্ত্ৰণালয়ৰ পৰামৰ্শবোৰ বহু শতাব্দী ধৰি চলি আহিছেড০ কটোচে কয় যে আয়ুষ মন্ত্ৰণালয়ে কোৰোণাৰ ওপৰত তিতা বা আন বহুতো আয়ুৰ্বেদ সম্পৰ্কীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে। এনে সামগ্ৰীসমূহ বহু শতাব্দী ধৰি ফ্লু বা এনে ধৰণৰ যিকোনো ৰোগত ব্যৱহৃত হৈ আহিছে। এইটো কোৱা হোৱা নাছিল যে এইটো কোৰোণাৰ সম্পূৰ্ণ ঔষধ।
এয়া আয়ুৰ্বেদ আৰু এলোপেথি দুয়োটাৰ ক্ষেত্ৰত প্ৰযোজ্যডাঃ কটোচে কয় যে সৰু ৰোগত আয়ুষ ৬৪ৰ পৰামৰ্শ দিয়া হৈছিল যিটো সম্পূৰ্ণ অধ্যয়নৰ পিছত কোৱা হৈছে। লগতে এইটোও কৈছিল যে আয়ুষ ৬৪ এলোপেথিক ঔষধৰ সৈতেও গ্ৰহণ কৰিব পাৰি। যদি মন্ত্ৰণালয়ে কিবা কৈছে তেন্তে ই বিজ্ঞান আৰু অধ্যয়নৰ আধাৰত কৈছে।
দুয়োটা মন্ত্ৰণালয়তে কেতিয়াও কোনো মতভেদ হোৱা নাছিলড০ কটোচে কয় যে আয়ুষ মন্ত্ৰণালয় হওঁক বা স্বাস্থ্য মন্ত্ৰণালয়ে হওঁক, দুয়োটা মন্ত্ৰণালয়ৰ বিশেষজ্ঞই আলোচনা কৰে কিন্তু কেতিয়াও তেওঁলোকৰ মাজত বিবাদ বা মতভেদ হোৱা নাই। চৰকাৰী পৰ্যায়ত এনেধৰণৰ কোনো খেলিমেলি নাই। সকলোবোৰ পৰিসংখ্যাৰ ওপৰত আধাৰিত। আনহাতে বাহিৰত মানুহে ব্যক্তিগতভাৱে সমৰ্থন কৰে আৰু বিৰোধিতা কৰে। যদি চোৱা হয় এলোপেথিৰো পাৰ্শ্বক্ৰিয়া আছে যিবোৰ ঘটি আছে, আনহাতে আয়ুৰ্বেদত ৰোগ বৃদ্ধি হ'লে চিকিৎসা বিচাৰি পোৱা নাযায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|