• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Gut Health Expert tips: প্ৰতিদিনে নহয় নেকি পেট চাফা? বিশেষজ্ঞ চিকিত্‍সকে শ্বেয়াৰ কৰিলে উপযোগী টিপছ

Gut Health Expert tips: প্ৰতিদিনে নহয় নেকি পেট চাফা? বিশেষজ্ঞ চিকিত্‍সকে শ্বেয়াৰ কৰিলে উপযোগী টিপছ

পেট চাফা নেহোৱা বা কৌষ্ঠকাঠিন্যতাৰ সমস্যাত বহুলোক ভুগি থাকে। এই সমস্যাৰ পৰা সকাহ পাবলৈ আয়ুৰ্বেদিক চিকিত্‍সাৰ সহায় লব পাৰি। বিশেষজ্ঞ চিকিত্‍সকে আগবঢ়াইছে পৰামৰ্শ।

  • Share this:
ব্যস্ত জীৱনশৈলীৰ বাবে খাদ্য খোৱাত খেলিমেলি হয়। বহুলোকে সময়ত খোৱা-বোৱা নকৰে, আনহাতে কিছুমানে যিকোনো খাদ্য যিকোনো সময়ত খাই থাকে। সেইদৰে বহুতে বাহিৰত খাবলৈ পচন্দ কৰে। যাৰ প্ৰভাৱ আমাৰ স্বাস্থ্যত পৰে।

অনিয়মিত খাদ্য প্ৰণালীৰ বাবে পেটৰ নানা ধৰণৰ সমস্যাত ভোগা দেখিবলৈ পোৱা যায়। পাচনতন্ত্ৰ দুৰ্বল হৈ পৰাৰ ফলত কৌষ্ঠকাঠিন্যতা, পেটৰ বিষ, বমি, পেট চাফা নোহোৱা আদি নানাধৰণৰ সমস্যাই দেখা দিয়ে। পেটৰ লগত জড়িত নানা সমস্যাৰ পৰা সকাহ পাবলৈ ডা০ নিটিকা কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত পোষ্ট শ্বেয়াৰ কৰিছে।

Anjirৰ জৰিয়তে কৰক কৌষ্ঠকাঠিন্যতা দূৰঃ গৰম পানীত তিয়াই থৈ অঞ্জিৰ খালে কৌষ্ঠকাঠিন্যতা দূৰ হয়। ডাক্তৰ নিটিকা কোহলীয়েও অঞ্জিৰ খাবলৈ পৰামৰ্শ দিয়ে। অঞ্জিৰত প্ৰচূৰ পৰিমাণে ফাইবাৰ থাকে।

জ্যেষ্ঠমধুঃ ই পাচন ক্ষমতা শক্তিশালী কৰি তোলে। ইয়াক সেৱন কৰিবলৈ আপুনি আধা চামুচ জ্যেষ্ঠমধুৰ গুৰিৰ সৈতে আধা চামুচ গুড় মিহলি কৰি একাপ কুহুমীয়া পানীৰ সৈতে খাওক। ই পেট চাফা কৰাত সহায় কৰিব।

পৰ্যাপ্ত পৰিমাণে পানী খাওকঃ শৰীৰত পানীৰ পৰিমাণ কম হোৱাতো কৌষ্ঠকাঠিন্যৰ প্ৰধান কাৰণ হব পাৰে। প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে পানী খাওক। ই শৰীৰক হাইড্ৰেট কৰি ৰাখিব।

ডালীয়া খাওকঃ লাভ কৰা প্ৰটিন আকু ফাইবাৰৰ লগতে বহু প্ৰয়োজনীয় ভিটামিন পোৱা যায়। যি কৌষ্ঠকাঠিন্যতা দূৰ কৰাত সহায় কৰে।

গাখীৰ আৰু ঘী খালেও দূৰ হয় এই সমস্যাঃ নিশা শুৱাৰ সময়ত একাপ গৰম গাখীৰ সৈতে এক চামুচ ঘী মিহলি কৰি খালেও কৌষ্ঠকাঠিন্যতাৰ পৰা সকাহ পোৱা যায়।
Published by:Himangshu Bhuyan
First published: