যদি আপোনাৰ বেংকত একাউণ্ট আছে, তেনেহ'লে এপ্ৰিল মাহত ২টা নতুন নিয়ম মানিবলৈ সাজু হওক আপুনিও।
যদি আপোনাৰ বেংকত একাউণ্ট আছে, তেনেহ'লে এপ্ৰিল মাহত ২টা নতুন নিয়ম মানিবলৈ সাজু হওক আপুনিও।
এপ্ৰিলৰ আৰম্ভনিতে বেংকৰ গ্ৰাহকসকলৰ বাবে আহিব নতুন নিয়ম। যদি আপোনাৰ বেংকত একাউণ্ট আছে, তেনেহ'লে এপ্ৰিল মাহত ২টা নতুন নিয়ম মানিবলৈ সাজু হওক আপুনিও। এপ্ৰিলৰ আৰম্ভণিতে পঞ্জাব নেচনেল বেংক আৰু এক্সিছ বেংকৰ নিয়মসলনি হ'ব।
Axis Bank ৰ নতুন নিয়ম কি হ'ব?
এক্সিছ বেংক বেংকত দৰমহা আৰু সঞ্চয় একাউণ্ট থকা গ্ৰাহকসকলৰ বাবে নগদ লেনদেন আৰু গড় নিম্নতম বেলেন্সৰ নিয়ম সলনি হ'ব। বেংকে সঞ্চয় একাউণ্টৰ গড় মাহিলী বেলেন্স সীমা ১০ হাজাৰ টকাৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি কৰিছে।
ইয়াৰ উপৰি, বেংকে বিনামূলীয়া নগদ লেনদেনৰ নিয়মো সলনি কৰিছে। বৰ্তমানৰ বিনামূলীয়া লেনদেন হৈছে মাহটোত ৪ বাৰ আৰু সৰ্বাধিক ২ লাখ টকা। কিন্তু এতিয়াৰে পৰা বিনামূলীয়া লেনদেন ৪টা থাকিব যদিও সৰ্বাধিক ডেৰ লাখ টকালৈহে আপুনি বিনামূলীয়া লেনদেন কৰিব পাৰিব।
Punjub National Bankয়েও সলনি কৰিলে নিয়ম:
পিএনবিয়ে চেক পৰিশোধৰ নিয়মত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে। পিএনবিয়ে ৪ এপ্ৰিল, ২০২২ৰ পৰা ধনাত্মক দৰমহা প্ৰণালী (PPS) কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গ্ৰাহকসকলে চেকৰ মাধ্যমৰে ধন উলিওৱাৰ আগতে ভেৰিফিকেশ্যন কৰিব লাগিব। ভেৰিফিকেশ্যন ন'হ'লে, বেংকে এতিয়া চেকখন ঘূৰাই দিব। ক্ৰমবৰ্ধমান প্ৰৱঞ্চনাৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বেংকে এই সিদ্ধান্ত লৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|