ভাৰতীয় ৰিজাৰ্ভ বেংকে সলনি কৰিলে অটোমেটিক পেমেন্টৰ নিয়ম ৷ আজিৰে পৰা প্ৰযোজ্য হ’ব নতুন নিয়ম ৷
এই নতুন নিয়ম অনুসৰি ১ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা ৰিচাৰ্জ আৰু ৰাজহুৱা সুবিধাৰ বিলৰ পৰিশোধ (Automatic Recurring Payment) স্বয়ংক্ৰিয়ভাৱে নহ'ব । আজিৰে পৰা ইয়াৰ প্ৰমাণীকৰণৰ বাবে অতিৰিক্ত ব্যৱস্থা (AFA) বাধ্যতামূলক কৰিছে ৰিজাৰ্ভ বেংকে । অৱশ্যে, বেংক আৰু পৰিশোধ সুবিধা প্ৰদান কৰা মঞ্চসমূহে বিলৰ স্বয়ংক্ৰিয় পৰিশোধৰ ওপৰত RBIৰ নিৰ্দেশনা পালন কৰিবলৈ অতিৰিক্ত সময় বিচাৰিছে ।
কাৰ্ডৰ জৰিয়তে লেনদেন শক্তিশালী আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে বিপদৰ শংকা হ্ৰাস কৰাৰ পদক্ষেপৰ ঘোষণা কৰিছিল কেন্দ্ৰীয় বেংকটোৱে । তেনেস্থলত যদিহে এই অতিৰিক্ত প্ৰমাণীকৰণ ব্যৱস্থা(AFA) পালন কৰা নহয়, তেন্তে সংশ্লিষ্ট ইউনিটবোৰে আজিৰে পৰিশোধ সেৱাত প্ৰভাৱ পেলাব ৷
শেহতীয়াকৈ RBIয়ে যোগাযোগবিহীন কাৰ্ডৰ জৰিয়তে পৰিশোধ আৰু কাৰ্ড তথা ইউপিআইৰ জৰিয়তে স্বয়ংক্ৰিয় বিল পৰিশোধৰ সীমা ২,০০০ টকাৰ পৰা ৫,০০০ টকালৈ বৃদ্ধি কৰিছিল । এই পদক্ষেপ গ্ৰহণৰ উদ্দেশ্য হৈছে ডিজিটেল লেনদেনক সুৰক্ষিত কৰা ।
ইপিনে এই নতুন নিয়মৰ অধীনত, বেংকে গ্ৰাহকক নিয়মীয়া বিল পৰিশোধৰ বিষয়ে অৱগত কৰিব লাগিব আৰু গ্ৰাহকৰ পৰা মঞ্জুৰী লাভৰ পিছতহে ইয়াক পৰিশোধ কৰিব পাৰিব । সেয়েহে স্বয়ংক্ৰিয়ভাৱে বিল পৰিশোধ নহ’ব অৰ্থাৎ প্ৰমাণীকৰণ বা মঞ্জুৰী লাভৰ পিছতহে পৰিশোধ হ’ব বিল ।
এই নতুন নিৰ্দেশনাৰ অধীনত, ৫,০০০ টকাতকৈ অধিক পৰিশোধৰ বাবে বেংকে গ্ৰাহকসকলক 'One Time Password' প্ৰেৰণ কৰিব লাগিব। ই-কমাৰ্চ কোম্পানীৰ এজন জ্যেষ্ঠ বিষয়াই কৈছিল যে উদ্যোগটোৱে এতিয়া RBIৰ নিৰ্দেশনা ৰূপায়ণৰ বাবে সাজু নহয়।
তেওঁ কয় যে যদিহে RBIয়ে এই নিয়ম পালন কৰিবলৈ সময় নিদিয়ে, তেন্তে আজিৰে পৰা বেংকে লেনদেনৰ ওপৰত গ্ৰাহকে দিয়া ই-ক্লিয়াৰেন্স পালন কৰিবলৈ সক্ষম নহ'ব । ই নিয়মীয়া বিল আৰু অন্যান্য লেনদেনৰ পৰিশোধৰ কাৰ্য ব্যাহত কৰিব । ই ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত গ্ৰাহকসকলৰ আত্মবিশ্বাস ভাঙিব।
উল্লেখ্য যে, বিগত বৰ্ষৰ ৪ ডিচেম্বৰতে ভাৰতীয় ৰিজাৰ্ভ বেংকে আঞ্চলিক গ্ৰামীণ বেংক(RRB), NBFC আৰু পেমেন্ট গেটৱেকে ধৰি সকলো বেংকক নিৰ্দেশ দিছিল যে, কাৰ্ড বা প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (PPIs) বা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ (UPI) ব্যৱহাৰৰ দ্বাৰা ৰেকাৰিং লেনদেন (ঘৰুৱা বা বিদেশ)ৰ ব্যৱস্থাত যদি AFAৰ অনুসৰণ কৰা নহয়,তেন্তে এই প্ৰক্ৰিয়া ২০২১ৰ ৩১ মাৰ্চৰ পৰা অব্যাহত নাথাকিব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|