মুখ্যপৃষ্ঠা »খবৰ »জীৱন শৈলী »সলনি হ'ল বাইকত পিছফালে বহাৰ নিয়ম! এতিয়াৰ পৰা এনেদৰে কৰিব লাগিব যাত্ৰা! জানি লওক নতুন নিয়ম...

সলনি হ'ল বাইকত পিছফালে বহাৰ নিয়ম! এতিয়াৰ পৰা এনেদৰে কৰিব লাগিব যাত্ৰা! জানি লওক নতুন নিয়ম...

বাইকৰ পিছফালে বহা যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।

বাইকৰ পিছফালে বহা যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।

বাইকৰ পিছফালে বহা যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।

  • Share this:
বৰ্ধিত পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াক হ্ৰাস কৰাৰ বাবে, চৰকাৰে নতুনকৈ কিছুমান নিয়মৰ প্ৰৱৰ্তন কৰিছে। গাড়ী নিৰ্মাণ আৰু গাড়ীত লাভ কৰা সুবিধাৰ কিছু পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ে যাত্ৰীৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিয়মত পৰিৱৰ্তন আনিছে। লগতে কিছুমান নতুন নিয়মো অন্তৰ্ভুক্ত কৰিছে। মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা অনুসৰি,

চালকৰ আসনৰ পিছফালে হেণ্ড হোল্ডঃ

মন্ত্ৰণালয়ৰ গাইডলাইন অনুসৰি, বাইকৰ পিছৰ চিটৰ দুয়োফালে হেণ্ড হোল্ড থকাটো প্ৰয়োজন। হেণ্ড হোল্ড পিছফালে বহি যোৱা যাত্ৰীৰ সুৰক্ষাৰ বাবে। যদি বাইক চালকজনে হঠাতে ব্ৰেক মাৰে তেন্তে হেণ্ড হোল্ড যথেষ্ট সহায়ক হয়। এতিয়ালৈকে, বেছিভাগ বাইকত এই সুবিধা নাই। একে সময়তে, বাইকৰ পিছফালে বহি থকা যাত্ৰীৰ বাবে footboard বাধ্যতামূলক। লগতে বাইকখনৰ পিছফালৰ চকাৰ বাওঁ ফালে কমেও আধা অংশ সুৰক্ষিতভাৱে ঢাকি ৰখা হ'ব লাগিব।

সাধাৰণ লাইট লগোৱাৰ ক্ষেত্ৰতো নিৰ্দেশনাঃ

মন্ত্ৰণালয়ে বাইকত সাধৰাণ ষ্টাইলিচ লাইট লগোৱাৰ ক্ষেত্ৰতো নিৰ্দেশনাও জাৰি কৰিছে। এই লাইটৰ দৈৰ্ঘ্য 550 মিমি, প্ৰস্থ 510 মিলি আৰু উচ্চতা 500 মিমিতকৈ অধিক নহ'ব।

টায়াৰৰ ওপৰতো নতুন নিৰ্দেশনাঃ

শেহতীয়াকৈ, চৰকাৰে বাইকৰ চকাত লগোৱা টায়াৰৰ ওপৰত এক নতুন নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ অধীনত সৰ্বাধিক ৩.৫ টন ওজনৰ বাহনৰ বাবে টায়াৰ প্ৰেচাৰ নিৰীক্ষণ প্ৰণালীৰ পৰামৰ্শ দিয়া হৈছে। এই চিষ্টেমত চালকে চেন্সৰৰ জৰিয়তে বাহনখনৰ টায়াৰত থকা হাৱাৰ স্থিতি কি জানিব পাৰিব। একে সময়তে, মন্ত্ৰণালয়ে টায়াৰ মেৰামতি কিটৰ পৰামৰ্শও দিছে। এই ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পিছত গাড়ীখনত অতিৰিক্ত টায়াৰৰ প্ৰয়োজন নহ'ব।

চৰকাৰে সময়ে সময়ে পথ সুৰক্ষা নিয়মত সাল-সলনি কৰে। যোৱা কেইবছৰমানত, পথ সুৰক্ষা নিয়ম কিছু কঠোৰ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে।

শেহতীয়া বাতৰি