মহিন্দ্ৰাই মুকলি কৰিলে দেশৰ সবাতোকৈ কম দামৰ ইলেকট্ৰিক বাহন, এবাৰ চাৰ্জ দিলে চলিব ১৪৭ কিলোমিটাৰ

News18 Assam | News18-Assam
Updated:February 6, 2020, 8:14 AM IST
মহিন্দ্ৰাই মুকলি কৰিলে দেশৰ সবাতোকৈ কম দামৰ ইলেকট্ৰিক বাহন, এবাৰ চাৰ্জ দিলে চলিব ১৪৭ কিলোমিটাৰ
eKUV1000 বাহনখনে এবাৰ ফুল চাৰ্জ দিলে ১৪৭ কিলোমিটাৰ চলিব বুলি দাবী কৰিছে মহিন্দ্ৰাই।

eKUV1000 বাহনখনে এবাৰ ফুল চাৰ্জ দিলে ১৪৭ কিলোমিটাৰ চলিব বুলি দাবী কৰিছে মহিন্দ্ৰাই।

  • Share this:
বৃহৎ গাড়ী নিৰ্মাণকাৰী প্ৰতিষ্ঠান মহিন্দ্ৰাই মুকলি কৰিলে দেশৰ সবাতোকৈ কম মূল্যৰ ইলেকট্ৰিক বাহন। গ্ৰেটাৰ নয়দাত চলি থকা অটো এক্সপ’ ২০২০ত মুকলি কৰা হয় এই ইলেকট্ৰিক বাহনখন। মহিন্দ্ৰাৰ মিনি এছ ইউ ভি হিচাপে পৰিচিত KUV100ৰ ইলেকট্ৰিক মডেল ‘eKUV1000’ মুকলি কৰিলে কোম্পানীটোৱে।

দিল্লীত এই বাহনখনৰ এক্স শ্ব’ৰুম মূল্য ৮.২৫ লাখ টকাৰ পৰা আৰম্ভ হ’ব। কোম্পানীটোৰ দাবী, ইলেকট্ৰিক বাহনৰ শ্ৰেণীত এইখন দেশৰ আটাইতকৈ কম মূল্যৰ বাহন।

eKUV1000 বাহনখনে এবাৰ ফুল চাৰ্জ দিলে ১৪৭ কিলোমিটাৰ চলিব বুলি দাবী কৰিছে মহিন্দ্ৰাই। বাহনখনত আছে অটোমেটিক গিয়েৰ, দ্ৰুতগতিত কৰিব পৰা যাব চাৰ্জ। ফাৰ্ষ্ট চাৰ্জাৰৰ সহায়ত এঘণ্টাত ৮০ শতাংশ চাৰ্জ কৰিব পৰা যাব। ২০২১ত বজাৰলৈ আহিব এই বাহনখন।


আৰু চাওক
পৰৱৰ্তী বাতৰি