ৰাজহুৱা স্থানত আৰক্ষীৰ সন্মুখতে কৰিছিল এই কৰ্ম! আৰক্ষীয়ে বিহিলে ৯০০০ টকাৰ জৰিমনা

News18 Assam | News18-Assam
Updated:April 12, 2021, 12:05 PM IST
ৰাজহুৱা স্থানত আৰক্ষীৰ সন্মুখতে কৰিছিল এই কৰ্ম! আৰক্ষীয়ে বিহিলে ৯০০০ টকাৰ জৰিমনা
লক্ষ্যণীয় যে, অষ্ট্ৰিয়াত মত প্ৰকাশৰ স্বাধীনতাক ভিন্ন ৰূপ যেনে শব্দ আৰু যোগাযোগৰ ক্ষেত্ৰতো প্ৰযোজ্য, কেৱল কথা কোৱাতে সীমাৱদ্ধ নহয়।

লক্ষ্যণীয় যে, অষ্ট্ৰিয়াত মত প্ৰকাশৰ স্বাধীনতাক ভিন্ন ৰূপ যেনে শব্দ আৰু যোগাযোগৰ ক্ষেত্ৰতো প্ৰযোজ্য, কেৱল কথা কোৱাতে সীমাৱদ্ধ নহয়।

  • Share this:
বিগত বৰ্ষত ৰাজহুৱা স্থানত সকলোৰে সন্মুখত জোৰেকৈ শব্দ কৰি বাতকৰ্ম কৰাৰ বাবেই এগৰাকী অষ্ট্ৰিয়ান ব্যক্তিক বিহা হৈছিল ৫০০ ইউৰো অৰ্থাৎ ৪৪,০০০ টকা জৰিমনা ৷ যদিও পিছত এই বিষয়টোক আদালতত প্ৰত্যাহ্বান জনোৱাৰ পিছত জৰিমনাৰ পৰিমাণ ১০০ ইউৰো অৰ্থাৎ ৮,৮৯২ টকালৈ হ্ৰাস কৰা হৈছিল। যি বিষয়ে চৰ্চা লাভ কৰিছিল সকলোতে৷

একেদৰে লাডবাইবেলৰ বাতৰি অনুসৰি, শেহতীয়াকৈ পুনৰ অনুৰূপ ঘটনাই সংঘটিত হৈছে অষ্ট্ৰিয়াত৷ এইবাৰ ভিয়েনাত এগৰাকী অচিনাক্ত ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীলৈ লক্ষ্য কৰি প্ৰৰোচনামূলকভাৱে বাতকৰ্ম কৰি ৰাজহুৱা শালীনতাক ধ্বংস কৰাৰ অভিযোগত জৰিমনা বিহা হৈছে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে ব্যক্তিগৰাকীক ৯০০০ টকাৰ জৰিমনা বিহিছিল যদিও আদালতত কৰা এক আবেদনৰ পিছত তেওঁৰ জৰিমনাৰ ধনৰ পৰিমাণ হ্ৰাস কৰা হৈছে।

আদালতত ব্যক্তিজনে তেওঁক এক বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ বিৰোধিতা কৰি যুক্তি দৰ্শাইছিল আৰু কৈছিল যে তেওঁৰ পেটৰ অসুখ হোৱাটো এক জৈৱিক প্ৰক্ৰিয়া ৷ লগতে তেওঁ দাবী কৰিছিল যে মত প্ৰকাশৰ স্বাধীনতাৰ অধীনত গেছ এৰাটো সঠিক বুলি গণ্য কৰিব লাগিব, যদি ইচ্ছাকৃতভাৱেও এনে কৰা হয়।

ডেইলী মেইলৰ বাতৰি অনুসৰি, এই ঘটনাটো আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষৰ পিছত হৈছিল, যেতিয়া অচিনাক্ত অপৰাধীজনে এখন উদ্যানৰ এখন বেঞ্চৰ ওপৰত উঠি আৰক্ষী বিষয়াসকলৰ ফালে চাইছিল আৰু সম্পূৰ্ণ অভিপ্ৰায়েৰে এক বৃহৎ গেছ এৰি দিছিল। আৰক্ষীয়ে এই সম্পৰ্কত কৈছিল যে,মানুহজনক যেতিয়া তেওঁৰ পৰিচয় বিচৰা হৈছিল সেইসময়ত তেওঁ 'প্ৰৰোচনামূলক আৰু অসহযোগমূলক' আচৰণ দেখুৱাইছিল।

লক্ষ্যণীয় যে, অষ্ট্ৰিয়াত মত প্ৰকাশৰ স্বাধীনতাক ভিন্ন ৰূপ যেনে শব্দ আৰু যোগাযোগৰ ক্ষেত্ৰতো প্ৰযোজ্য, কেৱল কথা কোৱাতে সীমাৱদ্ধ নহয়।

ইপিনে, এই বিষয়টো সম্পৰ্কত আদালতে কৈছিল যে 'শব্দ বা যোগাযোগৰ, যোগাযোগমূলক অভিপ্ৰায় থাকিব লাগিব' যিটো ইয়াত একেবাৰে নাই। আদালতে মানুহজনৰ কাৰ্যক 'হাস্যকৰ' বুলি গণ্য কৰিছিল কিয়নো যোগাযোগৰ এই পদ্ধতিটোৱে শালীনতাৰ সীমা অতিক্ৰম কৰিছিল। অৱশ্যে আদালতে অপৰাধীজনে সংঘটিত কৰ এয়া প্ৰথম অপৰাধৰ ঘটনা বাবে দোষৰ জৰিমনা কিছু হ্ৰাস কৰিছিল।

উল্লেখ্য যে, এয়াই প্ৰথমটো ঘটনা নহয় যে বাতকৰ্ম কৰি কোনোৱে টকা উপাৰ্জন কৰিছে। কেইসপ্তাহমান পূৰ্বে এগৰাকী ৪৮ বছৰীয়া মহিলাই কৈছিল যে তেওঁ তেওঁৰ বাতকৰ্মৰ ভিডিঅ' অনলাইনত বিক্ৰী কৰি প্ৰতি মাহে ৪,২০০ডলাৰ অৰ্থাৎ ৩.০৫ লাখ টকা উপাৰ্জন কৰিছিল। এমা মাৰ্টিন নামৰ এগৰাকী প্ৰাক্তন ট্ৰেভেল এজেণ্টেও ১৯৯৯ চনৰ পৰা এই উদ্ভট ব্যৱসায়ত আছে আৰু এতিয়া তেওঁ নেটিজেনসকলৰ পৰা ইণ্টাৰনেটত তেওঁৰ  ভিডিঅ’ৰ বাবে প্ৰতি মাহে ৪.৯৯ ডলাৰ লয়।

দক্ষিণ কেৰোলিনাৰ ৰক হিলৰ দুগৰাকী সন্তানৰ এগৰাৰী মাতৃগৰাকীয়ে ২০ বছৰৰো অধিক সময় ধৰি এই কাম কৰি আহিছে ৷ যাৰ বাবে তেওঁ ভাল প্ৰদৰ্শন কৰাত সহায় কৰাৰ বাবে বিশেষভাৱে চালাড, এস্পাৰাগাছ আৰু আভাকাডোৰে প্ৰস্তুত কৰা এক কঠোৰ ডাইট অনুসৰণ কৰে।
First published: April 12, 2021, 12:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি