• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ATMত ধন নাথাকিলে বেংকে ভৰিব লাগিব জৰিমনা, ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা

ATMত ধন নাথাকিলে বেংকে ভৰিব লাগিব জৰিমনা, ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা

এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ১ অক্টোবৰ ২০২১ৰ পৰা যদি বেংকৰ ATMত ধন নাথাকে তেন্তে জৰিমনা ভৰিব লাগিব পাৰে।

এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ১ অক্টোবৰ ২০২১ৰ পৰা যদি বেংকৰ ATMত ধন নাথাকে তেন্তে জৰিমনা ভৰিব লাগিব পাৰে।

এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ১ অক্টোবৰ ২০২১ৰ পৰা যদি বেংকৰ ATMত ধন নাথাকে তেন্তে জৰিমনা ভৰিব লাগিব পাৰে।

  • Share this:
ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এক নিৰ্দেশনা জাৰি কৰিছে। এটিএমত ধন নাথাকিলে বেংকৰ ওপৰত জৰিমনা বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিজাৰ্ভ বেংকে। কেন্দ্ৰীয় বেংকে ATMত ধন নথকাৰ বাবে গ্ৰাহকে ভোগ কৰা সমস্যা দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে আৰ বি আয়ে এই বিষয়ে সদৰি কৰে।

আৰ বি আয়ে কয়, ‘এই সন্দৰ্ভত নিয়ম পালন নকৰিলে বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব আৰু মৌদ্ৰিক জৰিমনা বিহা হ’ব। এটিএমত সময়মতে ধন নভৰোৱা নিৰ্দিষ্ট বেংকৰ বিৰুদ্ধে ১০,০০০ টকা জৰিমনা বিহা হ’ব।

এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ১ অক্টোবৰ ২০২১ৰ পৰা যদি বেংকৰ ATMত ধন নাথাকে তেন্তে জৰিমনা ভৰিব লাগিব পাৰে। কেন্দ্ৰীয় বেংকে এক ছাৰ্কুলাৰত কয় যে ATMত ধন নভৰোৱাৰ বাবে জৰিমনা বিহাৰ এই ব্যৱস্থাৰ উদ্দেশ্যই মানুহৰ সুবিধাৰ বাবে এই মেচিনসমূহত পৰ্যাপ্ত ধন থকাটো সুনিশ্চিত কৰিব।

আৰ বি আয়ে কোনো এটা মাহত এটিএমত ১০ ঘণ্টাতকৈ অধিক সময়লৈ পৰ্যাপ্ত ধন নাথাকিলে সেই বেংকৰ ওপৰত জৰিমনা বিহিব। এই ব্যৱস্থা ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ বাবে আৰ বি আয়ে বেংক–হোৱাইট লেবেল এটিএম অপাৰেটৰক এ টি এমত নগদ ধনৰ উপলব্ধতা সুনিশ্চিত কৰা আৰু নিজৰ ছিষ্টেম মজবুত কৰিবলৈ নিৰ্দেশ দিছে।
Published by:Sanjay Kumar Das
First published: