অহা মাহ অৰ্থাৎ ২০২২ চনৰ পৰা এটিএমৰ পৰা ধন উলিওৱাটো হ’ব অধিক খৰচী। গ্ৰাহকে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ধন উলিয়ালে বেংকে লগাব পাৰে চাৰ্জ। গ্ৰাহকে এটিএমৰ নিৰ্ধাৰিত লিমিটতকৈ অধিক বাৰ ধন উলিওৱাৰ পিছত বেংকে লগাব পাৰে চাৰ্জ। আৰ বিআইৰ নিৰ্দেশনা অনুসৰি এক্সিছ বেংক বা আন বেংকৰ এটিএমত বিনামূলীয়া সীমাতকৈ ওপৰৰ বিত্তীয় ট্ৰানজেকশ্যন কৰিলে ২১ টকা আৰু জিএছটি দিব লাগিব। এই সংশোধন দৰ ১ জানুৱাৰী ২০২২ৰ পৰা কাৰ্যকৰী হ’ব।
অহা মাহৰ পৰা বিনামূলীয়া লেনদেনৰ মাহিলী সীমাতকৈ অধিক হ’লে ২০ টকাৰ সলনি ২১ টকা প্ৰতিটো লেনদেনত দিব লাগিব। আৰবিআয়ে কৈছিল যে অধিক ইণ্টাৰচেঞ্জ চাৰ্জ আৰু জেনেৰেল কাষ্ট বঢ়াৰ বাবে ট্ৰানজেকশ্যনত চাৰ্জ বৃদ্ধি কৰি ২১ টকা কৰাৰ অনুমতি দিয়া হৈছে।
গ্ৰাহকে নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। ইয়াৰ জৰিয়তে মেট্ৰ’ চহৰত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন স্থানত পাঁচটা বিনামূলীয়া লেনদেন কৰিব পাৰিব।
গ্ৰাহকে নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫টা বিনামূলীয়া লেনদেন (বিত্তীয় আৰু অ–বিত্তীয় লেনদেনসহ) কৰিব পাৰিব। তেওঁ মেট্ৰ’ চিটীত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন স্থানৰ কেন্দ্ৰত পাঁচবাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|