உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • মাত্ৰ ৭ টকা বিনিয়োগেৰে প্ৰতি মাহে লাভ কৰক ৫,০০০ টকাৰ পেঞ্চন!

    মাত্ৰ ৭ টকা বিনিয়োগেৰে প্ৰতি মাহে লাভ কৰক ৫,০০০ টকাৰ পেঞ্চন!

    এই আঁচনিখনৰ অধীনত কমেও ১,০০০ টকা, ২,০০০টকা, ৩,০০০টকা, ৪,০০০ টকা আৰু সৰ্বাধিক ৫,০০০ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব।

    এই আঁচনিখনৰ অধীনত কমেও ১,০০০ টকা, ২,০০০টকা, ৩,০০০টকা, ৪,০০০ টকা আৰু সৰ্বাধিক ৫,০০০ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব।

    এই আঁচনিখনৰ অধীনত কমেও ১,০০০ টকা, ২,০০০টকা, ৩,০০০টকা, ৪,০০০ টকা আৰু সৰ্বাধিক ৫,০০০ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব।

    • Share this:
    যদিহে আপোনাৰো বয়স ৪০ বছৰ, তেন্তে আপুনিও জনাটো প্ৰয়োজন এই আঁচনিখনৰ বিষয়ে। য'ত আপুনি প্ৰতিদিনে ৭ টকা জমা কৰিয়েই প্ৰতি মাহে লাভ কৰিব পাৰে ৫,০০০ টকা পৰ্যন্ত পেঞ্চন। ক'বলৈ লোৱা হৈছে অটল পেঞ্চন যোজনা (Atal Pension Yojana- APY) ৰ বিষয়ে।

    দৰাচলতে ২০১৫ চনত কেৱল অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ আৰম্ভ কৰা এই আঁচনিখন এতিয়া প্ৰসাৰিত কৰা হৈছে। এতিয়াৰে পৰা বেংক বা ডাকঘৰত একাউণ্ট থকা ১৮ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে এই আঁচনিখনত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে। আঁচনিখনৰ দ্বাৰা ৬০ বছৰৰ পিছত জমাকৰ্তাসকলে পেঞ্চন লাভ কৰা আৰম্ভ কৰিব। এই অটল আঁচনিত পেঞ্চনৰ পৰিমাণ আপুনি কৰা বিনিয়োগ আৰু আপোনাৰ বয়সৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে।

    এই আঁচনিখনৰ অধীনত কমেও ১,০০০ টকা, ২,০০০টকা, ৩,০০০টকা, ৪,০০০ টকা আৰু সৰ্বাধিক ৫,০০০ টকাৰ মাহিলী পেঞ্চন লাভ কৰিব পাৰিব। যদি আপুনি এই পেঞ্চন আঁচনিৰ বাবে পঞ্জীয়ন কৰিব বিচাৰে, তেন্তে আপোনাৰ এটা সঞ্চয় একাউণ্ট, আধাৰ নম্বৰ আৰু এটা মোবাইল নম্বৰ থাকিব লাগিব।

    অৱসৰৰ পিছত লাভালাভ -

    আপুনি যিমান সোনকালে অটল পেঞ্চন যোজনাত যোগদান কৰিব, আপুনি সিমানেই অধিক লাভান্বিত হ'ব। যদি এজন ব্যক্তিয়ে ১৮ বছৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰি প্ৰতিমাহে ২১০টকাকৈ জমা কৰে, তেন্তে তেওঁ ৬০ বছৰ বয়সৰ পিছত প্ৰতি মাহে ৫,০০০ টকাৰ মাহিলী পেঞ্চনৰ লাভ কৰিব পাৰিব। অৰ্থাৎ এই আঁচনিখনত প্ৰতিদিনে ৭ টকা জমা কৰিয়েই আপুনি প্ৰতি মাহে ৫,০০০ টকাৰ পেঞ্চন লাভ কৰিব পাৰে।

    ইপিনে প্ৰতি মাহে ১,০০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে মাত্ৰ ৪২ টকা জমা ৰখাৰ প্ৰয়োজন হ'ব। একেদৰে ২,০০০ টকাৰ পেঞ্চনৰ বাবে ৮৪ টকা, ৩,০০০ টকাৰ বাবে ১২৬ টকা আৰু ৪,০০০ টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে ১৬৮টকা দিব লাগিব।

    কৰ লাভালাভ -

    অটল পেঞ্চন আঁচনিত বিনিয়োগ কৰা লোকসকলে আয়কৰ আইন ৮০চি ৰ অধীনত ১.৫ লাখ টকালৈকে কৰ লাভালাভ লাভ কৰে। লগতে গ্ৰাহকৰ কৰযোগ্য উপাৰ্জন হ্ৰাস কৰা হয়। ইয়াৰ উপৰিও কিছুমান বিশেষ ক্ষেত্ৰত ৫০,০০০ টকালৈকে অতিৰিক্ত কৰ লাভালাভ লাভ কৰিব পাৰে। এনেদৰে আঁচনিখনৰ পৰা ২ লাখ টকালৈকে কৰ্তন লাভ কৰিব পাৰে।

    এই আঁচনিৰ গ্ৰাহকৰ মৃত্যু হ'লে তেওঁৰ পত্নী মনোনীত সদস্য হৈ পৰে আৰু পত্নীয়ে আঁচনিখনৰ সকলো সুবিধা লাভ কৰিব। পত্নীয়েও গ্ৰাহকৰ দৰেই একেধৰণে পেঞ্চন লাভ কৰিব। ইপিনে পত্নী জীয়াই নাথাকিলে, গ্ৰাহকে নিযুক্ত কৰা মনোনীত ব্যক্তিয়ে ইয়াৰ বাবে নিৰ্ধাৰিত সুবিধা লাভ কৰিব অৰ্থাৎ মনোনীত ব্যক্তিগৰাকীয়ে এক নিৰ্দিষ্ট পেঞ্চন লাভ কৰিব।
    Published by:Sanjay Kumar Das
    First published: