লোকসভা নিৰ্বাচনলৈ এইবাৰ মুঠ ৭৮গৰাকী মহিলা সাংসদ নিৰ্বাচিত হৈছিল। এই পৰ্যন্ত ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এই সংখ্যা সৰ্বাধিক। লক্ষ্যণীয় ভাৱে ওড়িশাৰ পৰা সৰ্বাধিক ৩৩ শতাংশ মহিলা সংসদলৈ নিৰ্বাচিত হৈছে। ইমানেই নহয় ওড়িশাই আটাইতকৈ কম বয়সীয়া মহিলা সাংসদগৰাকীকো সংসদৰ মজিয়ালৈ প্ৰেৰণ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।
ওড়িশাৰ পৰা সংসদলৈ দেশৰ আটাইতকৈ কম বয়সীয়া মহিলা সাংসদ ২৫বছৰীয়া চন্দ্ৰাণী মূৰ্মূ নিৰ্বাচিত হৈছে। মূৰ্মূয়ে অভিযান্ত্ৰিক শিক্ষা সম্পূৰ্ণ কৰিছে। বিজু জনতা দলৰ টিকটত কিউঝঁৰৰ পৰা লোকসভা (সংৰক্ষিত) আসনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছে চন্দ্ৰাণী।
দুবাৰ সংসদলৈ যোৱা অভিজ্ঞ নেতাক পৰাস্ত কৰিলে চন্দ্ৰাণীয়ে২৫বছৰ ১১মাহ সম্পূৰ্ণ কৰা চন্দ্ৰাণীয়ে কেইবাটাও কাৰণত লোকসভাত ইতিহাস ৰচনা কৰিবলৈ গৈ আছে। সপ্তদশ লোকসভাৰ বাবে অনুষ্ঠিত নিৰ্বাচনত মূৰ্মূয়ে ৬৭,৮২২টা ভোটত বিজেপিৰ দুবাৰৰ সাংসদ অনন্ত নায়কক পৰাস্ত কৰিছে।
টিকট পাব বুলি আশাই কৰা নাছিলতেওঁ জনোৱা মতে ৩১ মে’ত হঠাৎ মোমায়েকে ফোন কৰি প্ৰশ্ন কৰে যে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে কি? চন্দ্ৰাণীয়ে কয়, মই ইঞ্জিনিয়াৰিং সম্পূৰ্ণ কৰি চাকৰি বিচাৰি আছিলো, মই ভবাই নাছিলো যে মই ৰাজনীতি কৰিম আৰু সাংসদ হ’মগৈ। মোৰ মনোনয়ন অপ্ৰত্যাশিত আছিল।
ইঞ্জিনিয়াৰিং কৰি চাকৰি বিচাৰি আছিল চন্দ্ৰাণীয়ে, এনে সময়তে আটাইতকৈ কম বয়সীয়া সাংসদ হোৱাৰ সৌভাগ্য লাভ কৰিলে ওড়িশাৰ এইগৰাকী যুৱতীয়ে। ২০১৭চনত আন দহগৰাকী যুৱতীৰ দৰে চন্দ্ৰাণী মূৰ্মূয়ে ভুৱনেশ্বৰৰ এছঅএ বিশ্ববিদ্যালয়ৰ পৰা বি টেক সম্পূৰ্ণ কৰি চাকৰি বিচাৰি আছিল আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছিল।
চন্দ্ৰাণীৰ ভাষ্য মতে মোমায়েকৰ ফোন অহাৰ পিছতে তেওঁলৈ আন এটা ফোন আহে যে মুখ্যমন্ত্ৰী নবীন পাটনায়কে তেওঁৰ সৈতে সাক্ষাৎ কৰিব বিচাৰে। তেওঁ সেইসময়ত টিকট লাভ কৰাৰ কোনো সম্ভাৱনাই দেখা পোৱা নাছিল। সাক্ষাৎকাৰৰ পিছত পিছৰ দুটা দিনৰ ভিতৰত তেওঁৰ নাম ঘোষণা কৰা হ’ল। চন্দ্ৰাণীয়ে কয় প্ৰচাৰ কৰিবলৈ গৈ প্ৰথমবাৰ হেলিকপ্তাৰত উঠিছিল তেওঁ।
জয়ৰ পিছতে মূৰ্মূয়ে কিউঝঁৰৰ ৰাইজ আৰু বিজু জনতা দলৰ মুৰব্বী নবীন পাটনায়কক ধন্যবাদ জ্ঞাপন কৰে। চন্দ্ৰাণীৰ মাকৰ ফালৰ ককাদেউতা হৰিহৰ সোৰেণ ১৯৮০–১৯৮৯ত দুবাৰ কংগ্ৰেছৰ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল অৱশ্যে চন্দ্ৰাণীৰ পিতৃ পৰিয়ালৰ ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|