১৮ ফেব্ৰুৱাৰীৰ পৰা শনিয়ে নক্ষত্ৰ সলনি কৰাৰ ফলত ৪টা বিশেষ ৰাশিৰ বাবে সুফল কঢ়িয়াই আনিব পাৰে। ২০২১ৰ ঝনুৱাৰীৰ পৰাই শনি গ্ৰহই শ্ৰাৱণ নক্ষত্ৰত ভ্ৰমণ কৰি আছিল। এতিয়া ১৮ ফেব্ৰুৱাৰীৰ পৰা ১৫ মাৰ্চ, ২০২৩লৈ শনি ধনিষ্ঠা নক্ষত্ৰ (Dhanishtha Nakshatra)ত ভ্ৰমণ কৰিব। এই সময়ত শনিৰ প্ৰভাৱত ৪টা ৰাশিৰ লোকৰ জীৱনলৈ আহিব পাৰে সৌভাগ্য। কি এই ৪টা ৰাশি জানি লওক-
মেষ ৰাশি- মেষ ৰাশি (Aries) হৈছে মঙল গ্ৰহৰ ৰাশি আৰু ধনিষ্ঠা নক্ষত্ৰৰ শ্বামীও হৈছে মঙল গ্ৰহ। এনে সময়ত সকলো মংগল হোৱাৰেই কথা! সকলোফালৰ পৰাই এই পৰৱৰ্তন লাভদায়ক হোৱাৰ আশা আছে। ইয়াৰ প্ৰভাৱত আৰ্থিক অনাটন দূৰ হ'ব, কেৰিয়াৰত সফলতা আহিব, চাকৰিত পদোন্নতিৰ যোগ আহিব বা বেতন বৃদ্ধি হোৱাৰো আশা আছে। ব্যৱসায়ীসকলৰ বাবেও এই সময়খিনি শুভ।
বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশি (Scorpio)ৰ স্বামী গ্ৰহ হৈছে মঙল আৰু ধনিষ্ঠা গ্ৰহৰো স্বামী গ্ৰহ হৈছে মঙল। সেয়ে বৃশ্চিক ৰাশিৰ বাবেও এই সময় অতি লাভদায়ক। আৰ্থিক স্থিতি মজবুট হ'ব, ঋণৰ পৰা ৰেহাইৰ আশা, উপাৰ্জনৰ পৰিমাণ বাঢ়িব, আইনী সমস্যা সমাধান হ'ব আৰু থাকিব শুভ যাত্ৰাৰ যোগ।
মকৰ ৰাশি- মকৰ ৰাশি (Capricorn) স্বামী হৈছে শনি। সেয়ে মকৰ ৰাশিৰ লোকৰ বাবেও এই সময়খিনি শুভ হ'ব। স্বাস্থ্য ভাললৈ আহিব আৰু দুশ্চিন্তা দূৰ হ'ব। কৰ্মক্ষেত্ৰত বিভিন্নজনৰ সহযোগ লাভ কৰিব। যাত্ৰাৰ যোগ আছে। কেৰিয়াৰত সফলতা লাভ কৰাৰ লগতে ধন জমা কৰিব পাৰিব।
কুম্ভ ৰাশি- কুম্ভ ৰাশি (Aquarius)ৰো স্বামী হৈছে শনি (Shani)। সেয়ে এই ৰাশিৰ লোকৰ বাবেও শনি গ্ৰহৰ এই নক্ষত্ৰ পৰিৱৰ্তন সুফলদায়ক হ'ব বুলি আশা কৰা হৈছে। চাকৰি আৰু কৰ্মস্থলীত পৰিৱেশ উন্নত হ'ব। ব্যৱসায়ত লাভ পাব। আয় বৃদ্ধি হোৱাৰ যোগ আছে। কেৰিয়াৰত নতুন গতি লাভ কৰিব পাৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : February 17, 2022, 21:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।