• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Dussehra 2021: বিজয়া দশমীৰ দিনটোত কৰক এই ১০টা কাম, ধনৰ অভাৱ নহয়, ভাগ্যৰ দুৱাৰ খুলিব!

Dussehra 2021: বিজয়া দশমীৰ দিনটোত কৰক এই ১০টা কাম, ধনৰ অভাৱ নহয়, ভাগ্যৰ দুৱাৰ খুলিব!

Dussehra 2021: বিজয়া দশমীৰ দিনটোক বেয়াৰ ওপৰত ভালৰ জয় হিচাপে চিহ্নিত কৰা হয়। এই দিনটোতে প্ৰভু ৰামচন্দ্ৰই ৰাৱণক বধ কৰিছিল।

Dussehra 2021: বিজয়া দশমীৰ দিনটোক বেয়াৰ ওপৰত ভালৰ জয় হিচাপে চিহ্নিত কৰা হয়। এই দিনটোতে প্ৰভু ৰামচন্দ্ৰই ৰাৱণক বধ কৰিছিল।

Dussehra 2021: বিজয়া দশমীৰ দিনটোক বেয়াৰ ওপৰত ভালৰ জয় হিচাপে চিহ্নিত কৰা হয়। এই দিনটোতে প্ৰভু ৰামচন্দ্ৰই ৰাৱণক বধ কৰিছিল।

  • Share this:
Dussehra 2021: বিজয়া দশমী বা দছেহৰা হিন্দুসকলৰ মুখ্য উৎসৱৰ অন্যতম। আহিন মাহৰ শুক্ল পক্ষৰ দশমী তিথি অৰ্থাৎ আজিৰ দিনটো দেশত বিজয়া দশমী বা দছেহৰা হিচাপে পালন কৰা হয়। ৰামে ৰাৱণক বধ কৰাৰ লগতে মা দুৰ্গাইও মহিষাসুৰক বধ কৰিছিল। এই দিনটোত দেশৰ ‍বিভিন্ন প্ৰান্তত অস্ত্ৰ–শস্ত্ৰৰ পূজাও হয়। জ্যোতিষাচাৰ্য ডাঃ অৰবিন্দ মিশ্ৰাই এই দিনটোৰ কাৰণে প্ৰস্তুত কেতবোৰ বিশেষ নিয়ম উল্লেখ কৰিছে যিসমূহ কৰিলে ধন–টকা পইচা অহাৰ বাট মুকলি হোৱাৰ লগতে ভাগ্যও সুপ্ৰসন্ন হোৱাৰ যোগ সৃষ্টি হয়।

কৰক এই দহটা কামঃ

১.  বিজয়া দশমীৰ দিনটোত নিজৰ অস্ত্ৰ–শস্ত্ৰ চাফ–চিকুণ কৰি নিৰীক্ষণ কৰক। অস্ত্ৰ–শস্ত্ৰৰ পূজাও কৰক।

২. যদি আপোনাৰ কিবা মামলা–মোকৰ্দমা চলি আছে তেনেহ’লে সেই ফাইলটো ঘৰৰ উপাসনা গৃহৰ ভগৱানৰ মূৰ্তিৰ তলত ৰাখি দিয়ক। আপোনাৰ জয় নিশ্চিত।

৩. এই দিনটোত সূৰ্যমুখী ফুলৰ শিপাৰ বিধি মতে পূজা কৰি নিজৰ ধন থোৱা ঠাইত ৰাখক। আপোনাৰ ধনৰ অভাৱ নহয়।

৪. কোনো কৌশলী যোদ্ধাৰ পৰা যুদ্ধ কৌশলৰ শিক্ষা লোৱাৰ, অস্ত্ৰ–শস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ লোৱাও আজিৰ দিনটোত শুভ।

৫. বিজয়া দশমীত ভগৱান শ্ৰীৰামৰ ১০৮ বাৰ নাম জপ কৰিলে জীৱনৰ সকলো দুখ কষ্ট দূৰ হ’ব। আপোনাৰ সাহস–শৌয্য বৃদ্ধি হ’ব।

৬. বিজয়া দশমীৰ দিনটোত কন্যাৰ কাৰণে দান কৰাটো পূণ্যৰ কাম। মা দুৰ্গাই আশীৰ্বাদ দিব। ধন বাঢ়িব আৰু উন্নতি হ’ব।

৭. বিজয়া দশমীৰ দিনটোত চাকৰিৰ উন্নতিৰ কাৰণে এডাল বগা সূতা কেশৰত ডুবাই ৰঙ দিয়ত আৰু ঔম নমঃ নাৰায়ণ মন্ত্ৰৰ ১০৮ বাৰ জপ কৰি নিজৰ কাষত ৰাখক।

৮. এই দিনটোত বাদাম ৰঙা কাপোৰত মেৰিয়াই পূজাৰ সময়ত ৰাখক। পূজাৰ পিছত প্ৰতিদিন বাদাম তিয়াই দেশী গৰুৰ ঘিঁউত মিহলাই খালে বুদ্ধি তীক্ষ্ণ হ’ব।

৯. আজিৰে পৰা প্ৰতিদিনে গায়ত্ৰী মন্ত্ৰৰ ১০৮ বাৰ দৈনিক জপ আৰম্ভ কৰক। বুদ্ধি নিৰ্মল হ’ব আৰু আপুনি নিজৰ শক্তি কোনো নিশকতীয়াৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব। অধৰ্ম–অনীতিৰ বিৰোধিতা কৰক আৰু ইয়াৰ ফলত আপোনাৰ আত্মবল আৰু হৃদয় বল বৃদ্ধি হ’ব।

১০. বিজয়া দশমীৰ দিনটোত নিজৰ বা পৰিয়ালৰ ওপৰত থকা নেতিবাচক প্ৰভাৱ দূৰ কৰিবলৈ দক্ষিণ দিশলৈ মুখ কৰি হনুমানৰ কাৰণে তিল তেলৰ চাকি লগাওক।

(জ্যোতিষশাস্ত্ৰৰ বিশ্বাস অনুসৰি প্ৰস্তুত কৰা হৈছে এই প্ৰতিবেদন। News18-এ নিজৰ মত প্ৰকাশ কৰা নাই। ধৰ্ম ব্যক্তিগত আস্থাৰ বিষয়।)
First published: