প্ৰতিজন ৰোগীৰ বাবে চৰকাৰে ব্যয় কৰিব ১,২৯৬ টকা শুক্ৰবাৰে ৰাজ্যত আনুষ্ঠানিক ভাবে মুকলি কৰা হয় প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়াল’ছিছ আঁচনি। নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জনমুখী আঁচনিখন।
হিমাংশু ডাৱে চিকিৎসালয় খনত দান কৰা ডায়েলাইচিছ মেচিনৰ সহায়ত ৰোগীক ডায়েলাইচিছ কৰিব গুৱাহাটী এপ’ল’ হাস্পতালৰ চিকিৎসকে। প্ৰতিজন ৰোগীক ডায়েলছিছ কৰাৰ বাবদ ৰোগীক চিকিৎসকে লাভ কৰিব ১,২৯৬ টকা। তাৰে ৯০শতাংশ ধন কেন্দ্ৰীয় চৰকাৰে দিয়াৰ লগতে দহ শতাংশ ধন ব্যয় কৰিব ৰাজ্য চৰকাৰে ।

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পোৱা বৃক্ক ৰোগী সকলক সকাহ দিয়াৰ উদ্দেশ্যে ৰাজ্য়ৰ স্বাস্থ্য বিভাগে ৮ জিলাৰ চিকিৎসালয় পৰ্যায় ক্ৰমে আৰম্ভ কৰিব এই বিনামূলীয়া ডায়াল’ছিছ সেৱা। এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা। তাৰে চিন স্বৰূপে শুক্ৰবাৰে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মা উপস্থিত থাকে।
২০ জুনৰ ভিতৰত ৰাজ্য চৰকাৰে মুঠ আঠ খন জিলা চিকিৎসালয় ক্ৰমে নলবাৰীৰ এছ এম কে অসামৰিক চিকিৎসালয়,দৰঙৰ মঙলদৈ অসামৰিক চিকিৎসালয়,শোণিতপুৰ কনকলতা অসামৰিক চিকিৎসালয়,তেজপুৰ চিকিৎসালয় মহাবিদ্যালয়, তিনিচুকীয়া এল জি বি অসামৰিক চিকিৎসালয়, মৰিগাঁও অসামৰিক চিকিৎসালয়,বৰপেটা ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু বঙাইগাঁও জিলা চিকিৎসালয়ত এই সেৱা আৰম্ভ কৰিব ৰাজ্য চৰকাৰে।
Published by: Dulu Medhi
FIRST PUBLISHED : June 15, 2019, 13:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।