আজি সতী সাধনী দিৱস, এইগৰাকী অসমীয়া বীৰাংগনাৰ কাহিনী আপুনি জানেনে?

১৫২৪ চনতে সতী সাধনীয়ে নাৰী বাহিনী গঠন কৰি আহোমৰ বিৰুদ্ধে যুঁজ দিছিল। সমসাময়িক ভাৰত বুৰঞ্জী বাদেই সাধনীৰ এই নাৰী বাহিনী আছিল বিশ্বৰ ভিতৰতে প্ৰথম।

Tulika Devi
Updated:April 21, 2019, 5:21 PM IST
আজি সতী সাধনী দিৱস, এইগৰাকী অসমীয়া বীৰাংগনাৰ কাহিনী আপুনি জানেনে?
১৫২৪ চনতে সতী সাধনীয়ে নাৰী বাহিনী গঠন কৰি আহোমৰ বিৰুদ্ধে যুঁজ দিছিল। সমসাময়িক ভাৰত বুৰঞ্জী বাদেই সাধনীৰ এই নাৰী বাহিনী আছিল বিশ্বৰ ভিতৰতে প্ৰথম।
Tulika Devi
Updated: April 21, 2019, 5:21 PM IST
সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া  যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম বুৰঞ্জীৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম নাম সতী সাধনী। আজি সতী সাধনী দিৱস। এইগৰাকী মহান বীৰাংগনাৰ নামত উৎসৰ্গিত আজিৰ দিনটোত  চৰকাৰী বন্ধও ঘোষণা কৰা হৈছে। সতী সাধনীৰ নামত অসমৰ এগৰাকী মহীয়সী নাৰীক নিয়মীয়াকৈ বঁটাও প্ৰদান কৰা হয়। কিন্তু এইবোৰ আনুষ্ঠানিক উদযাপনৰ বাহিৰেও সতী সাধনীৰ বিষয়ে আমি সাধাৰণভাৱে কিমান চৰ্চা কৰো? আহকচোন আজি সতী সাধনী দিৱসত এইগৰাকী মহীয়সী নাৰীৰ বিষয়ে কথা পাতো। কোন আছিল এই সাধনী? কিয় আজি ছশ বছৰৰ পিছতো সতী সাধনীৰ জয়ধ্বজা প্ৰাসংগিক? চুতীয়াসকলৰ এইগৰাকী মহান ৰাণীৰ কাহিনীয়ে শিকাইছে প্ৰতিকূল পৰিস্থিতিৰ মাজতো কেতিয়াও হাৰ নমনাৰ এক অদম্য পাঠ।


২১ এপ্ৰিল, ১৫২৪ চন। চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী সাধনীয়ে চৰম ত্যাগ কৰিছিল।  অষ্টমজন চুতীয়া ৰজা ধৰ্মধ্বজপাল বা ধীৰনাৰায়ণৰ সন্তান সাধনী ৷ প্ৰথম অৱস্থাত ধৰ্মধ্বজপালৰ কোনো সন্ততি নোহোৱাত বংশ ৰক্ষাৰ নিমিত্তে সকলো চিন্তাত পৰিছিল ৷ অশেষ সাধনাৰ শেষত ৰজাই এটি কন্যা সন্তানৰ মুখ দেখিছিল৷ সাধনা কৰি পোৱাৰ বাবেই সেই সন্তানৰ নাম ৰখা হ’ল সাধনী ৷ ধৰ্মধ্বজপালৰ দ্বিতীয় সন্তানৰ নাম আছিল সাধকনাৰায়ণ ৷ ৰাজকুলৰ নীতি অনুসৰি ৰজাই সকলো আৱশ্যকীয়া শিক্ষা দি সাধনীক পাৰ্গত কৰি তুলিছিল। সেয়ে সাধনীক বিয়া দিবৰ বাবে উপযুক্ত পাত্ৰৰ সন্ধানত ৰজা ব্ৰতী হ’ল । কিন্তু ৰজাই সাধনীৰ বাবে উপযুক্ত পাত্ৰ বিচাৰি নাপাই চিন্তিত হৈ পৰিছিল।



সাধি সাধি সাধনীক পালোঁ,
সাধনীক দিবলৈ বৰ নাপালোঁ!!



এদিন ৰজা ফুৰিবলৈ যাওঁতে পাল শৱদিয়া মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পালে। ৰজাই থিৰাং কৰিলে, যিয়ে কেৰ্কেটুৱাটো একেপাত কাঁড়তে বিদ্ধ কৰিব পাৰিব তেওঁলৈকে সাধনীক বিয়া দিব। ৰজাই পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কম দিনৰ ভিতৰতে সয়ম্বৰৰ দিন ঘোষণা কৰিলে। আচৰিতধৰণে ৰজাৰ এই চৰ্ত এজন সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে পূৰণ কৰিলে। কেৰ্কেটুৱাটো বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে নিতায়ে। জীয়ৰিৰ বিয়াৰ পিছতে চুতীয়াসকলৰ কুবেৰ প্ৰদত্ত সম্পত্তি (ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰী), নাবালক পুত্ৰ সাধকনাৰায়ণ আৰু ৰাজ্যৰ দায়িত্ব জী-জোঁৱাইক গতাই দি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে । ৰাজ সিংহাসনত আৰোহণ কৰি নিতায়ে নীতিপাল নাম লয়। নীতিপাল আছিল সাধাৰণ ঘৰৰ সোৰোপা ল’ৰা ৷ স্বাভাৱিকতে ৰাজ্য চলোৱাৰ তলা-নলা একো গম পোৱা নাছিল নীতিপালে ৷ নীতিপালৰ এই দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগ তাৰিখে আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই পিছ হুঁহুকি চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লবলগীয়া হয় । আহোম ৰজাই তাতো আক্ৰমণ চলাই যদিও ব্যৰ্থ হয় । ৰাণী সাধনীয়ে আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক ভেঁটা দিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলায় কিন্তু সাধনীৰ নেতত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। উল্লেখযোগ্য যে, সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী ৷  নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়া সকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। এই কৌশলী যুদ্ধত নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক চুতীয়াসকলৰ অমূল্য সম্পদ কুবেৰপ্ৰদত্ত সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনায় । আনকি সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল । কিন্তু নিজৰ সুখ-সম্ভোগক আওকাণ কৰি ৰাণী সাধনীয়ে নিজ দেশ আৰু জাতিৰ সন্মান লাঘৱ নকৰাকৈ ৰাজ-সম্পদ লগত লৈ গভীৰ কুণ্ডত জাঁপ দি আত্মজাহ দিয়ে। স্বজাতিৰ বাবে সাধনীয়ে কৰা এই আত্মত্যাগ সমগ্ৰ অসমীয়া জাতিৰ বাবেই গৌৰৱৰ স্থল।
আৰু চাওক পৰৱৰ্তী বাতৰি