
সংযুক্তা দত্তই জিজাইন কৰা অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰি সকলোকে চমক দিলে বলিউডৰ আগশাৰীৰ অভিনেত্ৰীয়ে
সংযুক্তা দত্তই জিজাইন কৰা অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰি সকলোকে চমক দিলে বলিউডৰ আগশাৰীৰ অভিনেত্ৰীয়ে
আকৌ এবাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ লগতে অসমৰ নাম উজলাই তুলিবলৈ সক্ষম হ’ল অসমৰ প্ৰতিশ্ৰুতি সম্পন্ন ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত। সংযুক্তা দত্তই জিজাইন কৰা অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰি সকলোকে চমক দিলে বলিউডৰ অভিনেত্ৰী দিব্যা খোচলা কুমাৰে।৩১ মে’ৰ পৰা হাৰিয়ানাৰ গুৰুগ্ৰামত চলি আছে ‘International Couture Week Show’। দেশ বিদেশৰ বহু আগশাৰীৰৰ ফেশ্বন ডিজাইনাৰে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সকলোকে চমক দিলে অসম কণ্যা সংযুক্তা দত্তই।
![]()
সংযুক্তা দত্তই ডিজাইন কৰা পোছাক পৰিধান কৰি ৰেম্পত খোজ দিলে বলিউডৰ আগশাৰীৰ অভিনেত্ৰী দিব্যা খোচলা কুমাৰে।
![]()
ইয়াৰ পূৰ্বেও দিব্যাই জিজাইন কৰা পোছাক পৰিধান কৰা দেখা গৈছিল বিপাসা বসু, প্ৰীতি জিণ্টাৰ দৰে বলিউডৰ আগশাৰীৰ অভিনেত্ৰীক।
![]()
অভিনেত্ৰী টাবুৱেও ইয়াৰ পূৰ্বে পৰিধান কৰা দেখা গৈছিল সংযুক্তাই ডিজাইন কৰা পোছাক।
Published by:Dulu Medhi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|