ৰাণু মণ্ডল নহয় এইবাৰ অসমৰ ভাস্কৰ! ‘বাখুদা’ গাই ধুমুহাৰ গতিৰে ভাইৰেল অসম সন্তান

News18 Assam | News18-Assam
Updated:January 28, 2020, 7:05 PM IST
ৰাণু মণ্ডল নহয় এইবাৰ অসমৰ ভাস্কৰ! ‘বাখুদা’ গাই ধুমুহাৰ গতিৰে ভাইৰেল অসম সন্তান
ভাস্কৰ অপ’ছৱেলক নিচিনা হয়তো অসমৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী কমেই ওলাব। অপূৰ্ব কণ্ঠৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা ভাস্কৰৰ শেহতীয়া এটি গীত তুমুল গতিৰে ভাইৰেল হৈছে। 

ভাস্কৰ অপ’ছৱেলক নিচিনা হয়তো অসমৰ ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী কমেই ওলাব। অপূৰ্ব কণ্ঠৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা ভাস্কৰৰ শেহতীয়া এটি গীত তুমুল গতিৰে ভাইৰেল হৈছে। 

  • Share this:
কি কণ্ঠ আৰু গায়কী! চকু বন্ধ কৰি শুনিলে আতিফ ইছলামে গাইছে নে কোনে গাইছে ধৰিবই নোৱাৰিব। বহুতৰ মতে আতিফতকৈও ভাল তেওঁৰ কণ্ঠ। ছচিয়েল মিডিয়াত ধুমুহাৰ গতিৰে ভাইৰেল হোৱা এইজন অসমৰ কণ্ঠশিল্পী ভাস্কৰ অপছ’ৱেল। ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হোৱা পশ্চিম বংগৰ ৰাণু মণ্ডলক যেন সকলোৱে পাহৰিলে। কেৱল অসমৰ নহয় নিজৰ গীতেৰে দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাৰ মন মোহিছে ভাস্কৰে। কম বয়সীয়া কিশোৰ শিল্পীগৰাকীৰ পৰিপক্ক কণ্ঠই সকলোকে মোহাচ্ছন্ন কৰিছে। ২০০৯চনত মুক্তিলাভ কৰা শ্বাহিদ কাপুৰ আৰু বিদ্যা বালান অভিনীত বলিউডৰ ‘কিছমত কানেকচন’ চিনেমাৰ হিট গান ‘বাখুদা’ অবাক কৰি তুলিছে ভাস্কৰে। ভাস্কৰৰ কাৰণেই গীতটি এতিয়া আকৌ এবাৰ শুনিছে লাখ লাখ লোকে। সকলোৱে আশা কৰিছে বলিউডৰ ছবিত এদিন নিজৰ গীতেৰে ভুমুকি মাৰিব শক্তিশালী কণ্ঠৰ অসমীয়া কিশোৰজনে। ভাস্কৰৰ নিজৰ পেজৰ লগতে বিভিন্ন অন্য ছচিয়েল মিডিয়া পেজেও শ্বেয়াৰ কৰিছে এই গীতটি।
চাওকঃ
আৰু চাওক
পৰৱৰ্তী বাতৰি