কাইলৈৰ পৰা ৰাজ্যত প্ৰচণ্ড শীতৰ সম্ভাৱনা, হ’ব বৃষ্টিপাত!

News18 Assam | News18-Assam
Updated:January 2, 2020, 12:24 PM IST
কাইলৈৰ পৰা ৰাজ্যত প্ৰচণ্ড শীতৰ সম্ভাৱনা, হ’ব বৃষ্টিপাত!
Source-Google

শুকুৰবাৰৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ বহু কেইজন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা

  • Share this:
প্ৰচণ্ড শীতে দহিছে সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল। গুৱাহাটী মহানগৰতো এইবাৰ বিগত কেইবা বছৰৰ তুলনাত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে। শুকুৰবাৰৰ পৰা গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ফলত শীতৰ প্ৰকোপ বৃদ্ধি পাব। কাইলৈ গুৱাহাটী মহানগৰত পাৰাস্তম্ভ সৰ্বনিম্ন ১২ ডিগ্ৰী ছেলচিয়াছলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।সেইদৰে শনিবাৰৰ পৰা অহা বৃহস্পতিবাৰলৈকে প্ৰচণ্ড শীতৰ কবলত পৰিব গুৱাহাটী মহানগৰী।

সেইদৰে ডিব্ৰুগড়, যোৰহাট, নলবাৰী, লখিমপুৰ, শোণিতপুৰ জিলাতো আগন্তুক এসপ্তাহলৈকে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনকি জিলা কেইখনত পাৰাস্তম্ভ সৰ্বনিম্ন ৯ ডিগ্ৰী চেলচিয়াছ লৈকে হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
First published: January 2, 2020, 12:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading