১৪ জুনৰ পৰা ১৮ জুনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ!

আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা।

news18assam
Updated:June 14, 2019, 8:52 AM IST
১৪ জুনৰ পৰা ১৮ জুনলৈ ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ!
আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা।
news18assam
Updated: June 14, 2019, 8:52 AM IST
উৎকত গৰমে দহিছে ৰাজ্যবাসীক । বৃহস্পতিবাৰ জুন মাহৰ অভিলেখ ভংগ কৰি  দিনটোত তাপমাত্ৰাই চুলে গৈ ৩৯.০ ডিগ্ৰি ছেলছিয়াছৰ ঘৰ । ইয়াৰ পূৰ্বে ২০১৩ চনৰ ১২ জুনত তাপমাত্ৰা আছিল ৩৮.৮ ডিগ্ৰি ছেলছিয়াছ । অৱশ্যে গৰমৰ পৰা শীঘ্ৰে পৰিত্ৰান পাব মহানগৰী তথা ৰাজ্যবাসীয়ে কিয়ণো অহা ১৪ তাৰিখৰ পৰা ১৮ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পুৰ্বাঞ্চলৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হব । আনহাতে আগন্তুক ২৪ ঘন্টাৰ ভিতৰত গুৱাহাটীৰ আকাশ ডাৱৰীয়া হোৱাৰ লগতে কিছু কিছু ঠাইত পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে । এই তথ্য সদৰি কৰিলে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই । বৃহস্পতিবাৰৰ দিনটোৰ তাপমাত্ৰ ক্ৰমে ডিব্ৰুগড়ৰত 36.6 , তেজপুৰত 35.9 , শিলচৰ 37.2 , ধুবুৰী 36.7 , যোৰহাট 35.7 আৰু উত্তৰ লখিমপুৰ 38.4 ডিগ্ৰী ছেলচিয়াছ আছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি