দুখন ৰাজ্যৰ ভোটাৰ গুৱাহাটীৰ এটা অঞ্চলৰ ৰাইজ

লোকসভা নিৰ্বাচনত চুবুৰীয়া মেঘালয়তো ভোট দিয়া গুৱাহাটীৰ বাসিন্দা

Tulika Devi | news18assam
Updated:April 22, 2019, 6:21 PM IST
দুখন ৰাজ্যৰ ভোটাৰ গুৱাহাটীৰ এটা অঞ্চলৰ ৰাইজ
লোকসভা নিৰ্বাচনত চুবুৰীয়া মেঘালয়তো ভোট দিয়া গুৱাহাটীৰ বাসিন্দা
Tulika Devi | news18assam
Updated: April 22, 2019, 6:21 PM IST
পৰিৱৰ্তন আৰু উন্নয়নৰ চেপাত সোমাই থকা এখন গাওঁ। সন্মানীয় গুৱাহাটী সমষ্টিৰ গড়ভাঙাৰ অধীনস্থ এক অঞ্চল। অঞ্চলটোৰ প্ৰায় ৫০টা পৰিয়ালৰ দুটা পৃথক পৰিচয়েৰে
দুটা পৃথক তাৰিখত লোকসভা নিৰ্বাচন ২০১৯ৰ ভোটদান। আনৰ বাবে আচৰিত হ’লেও প্ৰতি ৫বছৰৰ মুৰত গড়ভাঙাৰ এয়া যেন এক চিৰাচৰিত নিয়ম!
সাংবিধানিকভাৱে অনৈতিক হলেও গাওঁখনৰ ৰাইজে আৱেগিকভাৱে

ইয়াক শুদ্ধ সিদ্ধান্ত বুলি গ্ৰহণ কৰি আহিছে। এই পৰিয়ালকেইটাৰ সদস্যৰ হাতে হাতে দুখন ভোটাৰ কাৰ্ড। এখন অসমৰ, আনখন মেঘালয়ৰ। সীমান্তৱৰ্তী এই অঞ্চলত অত্যন্ত বেয়া যাতায়াতৰ বাবে অসুখত পৰিলেই ৰাইজৰ বিপদ।
পাহাৰীয়া পথেৰে কষ্টসাধ্য বাট অতিক্ৰম আহিবলগীয়া হোৱা এই জালুকপামলৈ সততে কোনো চৰকাৰী প্ৰতিনিধিও নাহে। জনপ্ৰতিনিধি ইয়ালেই আহে কেৱল নিৰ্বাচনৰ বতৰত।।
আন সময়ত নোৱাৰিলেও ভোটকেইটালৈ মনত পেলাই হাবি বন ভাঙি তেওঁলোকে আহি ইয়াৰ ৰাইজক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে। ৰাইজে সেইমতে ভোট দিও আহিছে পিছে এতিয়াও সেই প্ৰত্যাশিত উন্নয়ন সুদূৰ পৰাহত।
অসমৰ বাসিন্দা হৈও বিদ্যুৎ সংযোগ, বিদ্যালয় আৰু যাতায়তৰ বাবে তেওঁলোক মেঘালয় চৰকাৰৰ ওপৰত নিৰ্ভৰশীল।

সেইকাৰণে পশ্চিম গুৱাহাটী সমষ্টিৰ এইসকল ভোটাৰে বিধানসভা নিৰ্বাচনত মেঘালয়ৰ ৰি–ভই জিলাৰ জিৰাং সমষ্টিত
ভোটদান কৰে। এইবাৰ লোকসভা নিৰ্বাচনত তেওঁলোকে যোৱা ১১ এপ্ৰিলত মেঘালয়ৰ শ্বিলং সংসদীয় সমষ্টিৰ বাবে ভোটদান কৰিলে। ২৩ এপ্ৰিল অৰ্থাৎ গুৱাহাটীৰ ভোটগ্ৰহণৰ দিনাও তেওঁলোকে ভোটদান কৰিব। কাৰণ তেওঁলোকৰ বুকুত আশা এদিন পৰিৱৰ্তন আহিব আৰু কোনোবা এখন চৰকাৰেই আনিব। অসমে গুৰুত্ব দিয়া নাই আৰু মেঘালয় চৰকাৰে গুৰুত্ব দিবলৈ লৈছে। দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সুবিধাৰ বিনিময়ত হয়তো
অঞ্চলটোৱে এদিন মেঘালয়ত চামিল হোৱাৰ সিদ্ধান্তও গ্ৰহণ কৰিব পাৰে! তেওঁলোকৰ ভাষাৰে,

মেঘালয় চৰকাৰৰ পৰা এটা পথ পাইছো। অসম চৰকাৰৰ কোনো আঁচনি আমি পোৱা নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি