• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • অসমৰ গাড়ী সমূহৰ পঞ্জীয়ন নম্বৰ কোন জিলাত কি জানিবলৈ মন নাযায়নে ?

অসমৰ গাড়ী সমূহৰ পঞ্জীয়ন নম্বৰ কোন জিলাত কি জানিবলৈ মন নাযায়নে ?

প্ৰতিকী ফটো

প্ৰতিকী ফটো

AS20 আৰু AS30 অকল আৰক্ষী আৰু পৰিৱহন বিভাগেহে ব্যৱহাৰ কৰিব পাৰে ৷ এই দুটা পঞ্জীয়ন নম্বৰ এই দুটা বিভাগৰ বাবে অনুমোদিত পঞ্জীয়ন নম্বৰ ৷ AS01ৰে আৰম্ভ হয় কামৰূপ(মহানগৰৰ) গাড়ীৰ পঞ্জীয়ন নম্বৰ, নগাঁও AS02,   যোৰহাট AS03, শিৱসাগৰ AS04, গোলাঘাট AS05, ডিব্ৰুগড় AS06, লখিমপুৰ AS07।

  • Share this:
গাড়ী এখন দেখিলে হয়তো আপোনাৰো উৎসুকতা বাঢ়ে ৷ মন যায় নিশ্চয় গাড়ীখন কোন জিলাৰ জানিবলৈ ৷ মন যায় হয়তো নতুন জিলা সমূহৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ কি সংখ্যাৰে আৰম্ভ হৈছে সেয়া জানিবলৈও ৷ এয়া স্বাভাৱিক প্ৰক্ৰিয়া ৷

প্ৰত্যেক মানুহেই প্ৰায়েই আন জিলাৰ গাড়ী এখন দেখিলে গাড়ীখন কোন জিলাৰ জানিবলৈ মন কৰে ৷ তাতে যেতিয়া নতুন AS31, AS32 আদি দেখে তেতিয়া জনাৰ আগ্ৰহ আৰু বাঢ়ি যায় ৷ আহক চিনাকি হঁও কোন জিলাৰ পঞ্জীয়ন নম্বৰ কি, লগতে জানো আহক অগ্নি নিৰ্বাপক, অসম আৰক্ষী, পৰিৱহন বিভাগৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ আৰম্ভ হয় কি সংখ্যাৰে ৷ AS20 আৰু AS30 অকল আৰক্ষী আৰু পৰিৱহন বিভাগেহে ব্যৱহাৰ কৰিব পাৰে ৷ এই দুটা পঞ্জীয়ন নম্বৰ এই দুটা বিভাগৰ বাবে অনুমোদিত পঞ্জীয়ন নম্বৰ ৷

AS01ৰে আৰম্ভ হয় কামৰূপ(মহানগৰৰ) গাড়ীৰ পঞ্জীয়ন নম্বৰ, নগাঁও AS02,   যোৰহাট AS03, শিৱসাগৰ AS04, গোলাঘাট AS05, ডিব্ৰুগড় AS06, লখিমপুৰ AS07

পাহাৰীয়া জিলা ডিমা হাচাওৰ পঞ্জীয়ন নম্বৰ আৰম্ভ হয়  AS08ৰে,  কাৰ্বি আংলং AS09, বৰাকৰ কৰিমগঞ্জ জিলাৰ প়্জীয়ন নম্বৰ আৰম্ভ ঙয়  AS10 সংখ্যাৰে, কাছাৰ AS11,  শোণিতপুৰ AS12, দৰং AS13, নলবাৰী AS14,  বৰপেটা AS15, কোকৰাঝাৰ AS16, ধুবুৰী AS17, গোৱালপাৰা AS18, বঙাইগাঁও AS19, মৰিগাঁও AS21, ধেমাজী AS22, তিনচুকীয়া AS23, হাইলাকান্দি AS24, কামৰূপ AS25, চিৰাং AS26, ওদালগুৰি AS27, বাক্সা AS28,

২০১৬ চনত জিলা হিচাপে ঘোষিত হোৱা মাজুলীৰ পঞ্জীয়ন নম্বৰ আৰম্ভ হয় AS29ৰে, জিলা হিচাপে স্বীকৃতি লাভ কৰা হোজাইৰ পঞ্জীয়ন নম্বৰ AS31, নতুন জিলা বিশ্বনাথৰ AS32, নতুন জিলা চৰাইদেউৰ পঞ্জীয়ন নম্বৰ AS33, দক্ষিণ শালমৰা AS34 ৷
নতুন জিলাৰ ভিতৰত বজালীৰ পঞ্জীয়ন নম্বৰ ওলোৱা নাই ৷ অসম আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ আৰম্ভ হয় AS30ৰে ৷ AS30 দেখিলেই গম পাব সেইখন আৰক্ষীৰ বাহন ৷ ইয়াৰ বিপৰীতে AS20 হৈছে পৰিৱহন বিভাগৰ চৰকাৰী পঞ্জীয়ন নম্বৰ ৷
Published by:Kokil Sarma
First published: