সুখবৰ! ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিব অসমে!

ডিমা–হাচাওৰ ঘন অৰণ্য সামৰিক এই নতুন ৰাষ্ট্ৰীয় উদ্যান গঠনৰ প্ৰস্তাৱ।

news18assam
Updated:June 3, 2019, 6:47 PM IST
সুখবৰ! ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান লাভ কৰিব অসমে!
ফাইল ফটোঃএশিঙীয়া গঁড়
news18assam
Updated: June 3, 2019, 6:47 PM IST
সুখবৰ! অসমে লাভ কৰিব ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান!
ডিমা হাছাও জিলাৰ ঘন-ডাঠ হাবিয়ে স্বীকৃতি পাব! একাংশ সংবাদমাধ্যমত প্ৰকাশ পাইছে এই তথ্য। উল্লেখযোগ্য যে ডিমা হাছাওত আছে কেইবাখনো সংৰক্ষিত বনাঞ্চল। ৪৯৭.৫৫ বৰ্গ কিঃমিঃ দৈৰ্ঘ্যৰ লাংটিং মুপা বনাঞ্চল, ১২৪.৪২ বৰ্গ কিঃমিঃ দৈৰ্ঘ্যৰ ক্ৰুংমিং বনাঞ্চলো জিলাখনত আছে। লগতে ৮৯.৯৩ বৰ্গ কিঃমিঃ দৈৰ্ঘ্যৰ বৰাইল বনাঞ্চলো ডিমা হাছাওত আছে। এই প্ৰস্তাৱিত উদ্যানখনে সামৰি ল’ব ছিমলং নৈৰ দুয়োপাৰৰ ১০০ কিঃমিঃ এলেকা। কাছাৰৰ বৰাইল বন্যপ্ৰাণী অভয়াৰণ্যকো সামৰি ল’ব। মেঘালয়ৰ সমীপৰ নাম্ফু বন্যপ্ৰাণী অভয়াৰণ্যকো সামৰিব উদ্যানখনে। উল্লেখযোগ্য যে জিলাখনত ভালুক, হাতী, বিভিন্ন প্ৰকাৰৰ বাঘৰ লগতে হৰিণা, বন্য কুকুৰ, ম’হ, বিভিন্ন  প্ৰজাতিৰ সৰীসৃপ পোৱা যায়। বহু বিৰল প্ৰজাতিৰ বৃক্ষও পোৱা যায় সমগ্ৰ জিলাখনত। বিভিন্ন প্ৰজাতিৰ বন্য উদ্ভিদ পোৱা যায় অঞ্চলটোত।
ইতিমধ্যে অসমত ৫খন ৰাষ্ট্ৰীয় উদ্যান আছে।

কাজিৰঙা, মানস, নামেৰি, ওৰাং ৰাষ্ট্ৰীয় উদ্যান।
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানো আছে অসমত।
অচিৰে বন-পৰিৱেশ মন্ত্ৰণালয়ে ঘোষণাৰ সম্ভাৱনাৰ কথা প্ৰতিবেদনত প্ৰকাশ।
ভাৰতত সম্প্ৰতি ১১০খন ৰাষ্ট্ৰীয় উদ্যান আছে।

৪০,৫০১ কিঃমিঃ ভূমি সামৰি আছে ৰাষ্ট্ৰীয় উদ্যানে।
দেশৰ মাটি-কালিৰ ১.২৩% অংশ অধিকাৰ কৰি আছে ৰাষ্ট্ৰীয় উদ্যানে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি