Covid-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান দিব ম’বাইল এপে

News18 Assam | News18-Assam
Updated:March 28, 2020, 10:14 AM IST
Covid-19ত আক্ৰান্তৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান দিব ম’বাইল এপে
ভাৰতবৰ্ষত Covid-19য়ে ‘ষ্টেজ ৩’ত প্ৰৱেশ কৰিছে

ভাৰতবৰ্ষত Covid-19য়ে ‘ষ্টেজ ৩’ত প্ৰৱেশ কৰিছে

  • Share this:
ভাৰতবৰ্ষত Covid-19য়ে ‘ষ্টেজ ৩’ত প্ৰৱেশ কৰিছে । বৰ্তমান  ক’ৰোণা ভাইৰাছ প্ৰতিৰোধ কৰাতো সকলোৰে বাবে হৈ পৰিছে ভয়ংকৰ প্ৰত্যাহ্বান স্বৰূপ। এই ভয়ানক পৰ্যায়টোত ক’ৰোণাত আক্রান্ত লোকজন কাৰ কাৰ সান্নিধ্যলৈ আহিছে সেই কথা জনাটোও হৈ পৰে জটিল। তেনে জটিল সন্ধিক্ষণত অসমৰ কেইজনমান ‘technocrat’এ এক বিশেষ ম’বাইল এপ নিৰ্মাণৰ বাবে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বৰ্তমান  সকলোতকৈ বৃহৎ প্ৰত্যাহ্বান হৈছে আক্রান্ত জন পূৰ্বতে কাৰ সংস্পৰ্শলৈ আহিছিল আৰু আক্রান্ত হোৱাৰ পাছত কোন কোন তেওঁৰ সংস্পৰ্শলৈ আহিছিল সেই কথা সুনিশ্চিত কৰাটো । এই সমস্যাৰ সমাধানৰ পথ প্ৰশস্ত কৰিবলৈ এক ‘mobile application develop’ কৰাত ব্ৰতী হৈছে অসম চাৰি গৰাকী অগ্ৰণী ‘Technocrat’ । কম্পিউটাৰ অভিযন্তা গুৱাহাটীৰ মৌচম তালুকদাৰ, শুভাশীষ গগৈ, নিলোৎপল দোলাকাষৰীয়া আৰু অমিত হেমব্রমে মিলি GPS পদ্ধতিৰে পৰিচালিত এটা mobile application develop কৰিছে ।

এই নতুন পদ্ধতিটোৰ বিষয়ে বাখ্যা প্ৰদান কৰি মৌচমে কয়-‘এই application মোবাইলত install হৈ থাকিলে এজন ব্যক্তি ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত তেওঁ কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেই কথা সুনিশ্চিত কৰিব পৰা যাব। অৱশ্যে সেই সকল লোকৰ ম’বাইলতো এই app টো install হৈ থাকিব লাগিব।’

আনহাতে এই applicationটোত যি সকল লোক আক্ৰান্ত হৈছে তেওঁলোকৰো লগতো পৰোক্ষ ভাবে এক database থাকিব । এই database ৰ যোগেদি আক্ৰান্ত হোৱা জন কোন কোন স্থানলৈ গৈছিল বা কাৰ কাৰ সান্নিধ্যলৈ আহিছিল ইয়াৰ এক নিশ্চিত আৰু সহায়কাৰী ধাৰণা পোৱাত সুবিধা হব।’ এই মন্তব্য মৌচমৰ ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading