• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Inspirational Story : চেষ্টাৰ অসাধ্য একো নাই। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি ৬৮ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ নাহৰকটীয়াৰ বিজয় কুমাৰৰ ।

Inspirational Story : চেষ্টাৰ অসাধ্য একো নাই। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি ৬৮ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ নাহৰকটীয়াৰ বিজয় কুমাৰৰ ।

মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছতে বিজয় কুমাৰ আক্ৰান্ত হৈছিল স্নায়ু ৰোগত। দিনক দিনে শৰীৰৰ অৱনতি ঘটাত লিখা-মেলাৰ ক্ষেত্ৰত বিষম সমস্যাত ভুগিছিল বিজয় কুমাৰে।

মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছতে বিজয় কুমাৰ আক্ৰান্ত হৈছিল স্নায়ু ৰোগত। দিনক দিনে শৰীৰৰ অৱনতি ঘটাত লিখা-মেলাৰ ক্ষেত্ৰত বিষম সমস্যাত ভুগিছিল বিজয় কুমাৰে।

মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছতে বিজয় কুমাৰ আক্ৰান্ত হৈছিল স্নায়ু ৰোগত। দিনক দিনে শৰীৰৰ অৱনতি ঘটাত লিখা-মেলাৰ ক্ষেত্ৰত বিষম সমস্যাত ভুগিছিল বিজয় কুমাৰে।

  • Share this:
মনত যদি থাকে বল, ছকুৰি বছৰতো মিলে ধন। হয় মনৰ বল থাকিলে বহু সময়ত অসাধ্যও সাধন কৰিব পাৰি। তাৰেই শেহতীয়া উদাহৰণ নাহৰকটীয়াৰ জাগুন গাওঁ নিবাসী বিজয় কুমাৰ ভট্টাচাৰ্য নামৰ ব্যক্তিজন।

শাৰীৰিক বাধাগ্ৰস্ততা আৰু বয়স যে শিক্ষা আহৰণত কেতিয়াও বাধা হ'ব নোৱাৰে তাকেই হাতে-কামে কৰি দেখুৱালে  বিজয় কুমাৰ ভট্টাচাৰ্যই। ভট্টাচাৰ্যই ৬৮ বছৰ বয়সত শিক্ষাতত্ব বিভাগত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈ লাভ কৰিলে স্নাতকোত্তৰ ডিগ্ৰী।

১৯৫৩ চনত ডিব্ৰুগড় জিলাৰ টিংখং লাতুমনি গাঁৱত জন্ম গ্ৰহণ কৰা বিজয় কুমাৰ ভট্টাচাৰ্যই স্কুলীয়া জীৱন আৰম্ভ কৰিছিল টিংখং এল.পি.স্কুলত। টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰা পিছত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছিল বৰডুবি নেতাজী বিদ্যালয়ৰপৰা।

মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছতে বিজয় কুমাৰ আক্ৰান্ত হৈছিল স্নায়ু ৰোগত। দিনক দিনে শৰীৰৰ অৱনতি ঘটাত লিখা-মেলাৰ ক্ষেত্ৰত বিষম সমস্যাত ভুগিছিল বিজয় কুমাৰে। তথাপি তিনিচুকীয়া কলেজৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হৈছিল বিজয় কুমাৰ ।

শৰীৰিক বাধা আহিলেও বিজয় কুমাৰে হাৰ মানিব বিচৰা নাছিল জীৱনত। অসুস্থ দেহাৰে উচ্চ শিক্ষা ল'বলৈ তেওঁ একপ্ৰকাৰ যেন ঠিৰাং এই কৰি পেলাইছিল । যাৰ বাবে তেওঁ উৰা মাৰিছিল ভুবনেশ্বৰলৈ। তাত ৰিজিঅ’নেল কলেজ অৱ এডুকেছনৰ পৰা বিএড (BEd) উত্তীৰ্ণ হৈ মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়ৰ পৰা এমএড (MEd)ত উত্তীৰ্ণ হয়।

শিক্ষাৰ জীৱন ইমানতে সমাৰি ১৯৭৭ চনত নামৰূপ ৰে’লৱে এল পি স্কুল, ১৯৭৯ চনত নাহৰকটীয়া বিদ্যা মন্দিৰ, ১৯৮২ চনত নাহৰকটীয়া জাগুন শশীভূষণ এল.পি. স্কুল আৰু ২০০৩ চনত দিল্লী দুৰণীয়া স্কুলত শিক্ষকতা কৰা পিছত ২০১৩ চনত নাহৰকটীয়া অৰুণোদয় এল.পি স্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰে।

অৱসৰ গ্ৰহণ কৰাৰ পাছতো শিক্ষা অৰ্জন কৰা দুৰ্বাৰ হেপাঁহ শেষ হোৱা হোৱা নাছিল। তেওঁ ৫৮ বছৰ বয়সত স্নাতকোত্তৰ পৰীক্ষাৰ বাবে নামভৰ্তি কৰিছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত। কিন্তু দুৰ্ভাগ্যক্ৰমে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ একাংশ কৰ্মচাৰীৰ ভুলৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈয়ো ফলাফল লাভ কৰা নাছিল। যাৰ পৰিণতিত পৰীক্ষাত অৱতীৰ্ণ হোৱা নিৰ্দিষ্ট সময় সীমা অতিক্ৰম কৰাৰ বাবে পৰৱৰ্তী সময়ত স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল বিজয় কুমাৰ।

ইমানৰ পিছতো ভাগি নপৰি বিজয় কুমাৰে ২০১৮ চনত ৰাজ্যপাল জগদীশ মুখীলৈ সমগ্ৰ ঘটনা বিৱৰি পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই ৰাজ্যপালৰ প্ৰত্যক্ষ হস্তক্ষেপত বিগত বৰ্ষত স্নাতকোত্তৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা পায়। সুযোগৰ সদ্ব্যৱহাৰ কৰি চলিত বছৰত ভট্টাচাৰ্যই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় পৰা শিক্ষাতত্ব বিভাগত দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়।

বয়সৰ চাপ আৰু স্নায়ুৰোগে সৃষ্টি কৰা জটিলতা হেলাৰঙে আঁতৰাই বিজয় কুমাৰ ভট্টাচাৰ্যই যিদৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে, এয়া নিশ্চয় আন শতজনৰ বাবে প্ৰেৰণাদায়ক নজিৰ হৈ ৰ'ব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি