NRCত নাম কৰ্তনৰ ভয়!৮৮ বয়সীয়া বৃদ্ধৰ আত্মহত্যা!

News18-Assam
Updated:May 28, 2019, 9:45 AM IST
NRCত নাম কৰ্তনৰ ভয়!৮৮ বয়সীয়া বৃদ্ধৰ আত্মহত্যা!
১৯৭১ চনৰ তালিকাত নাম থকা অশ্ৰৱ আলীয়ে NRC ৰ চুড়ান্ত তালিকাত নাম নথকাৰ ভয়ত কৰিলে আত্মহত্যা।

১৯৭১ চনৰ তালিকাত নাম থকা অশ্ৰৱ আলীয়ে NRC ৰ চুড়ান্ত তালিকাত নাম নথকাৰ ভয়ত কৰিলে আত্মহত্যা।

  • Share this:
NRCৰ তালিকাত নাম নথকাৰ সন্দেহত এগৰাকী ৮৮ বছৰ বয়সীয়া বৃদ্ধই আত্মহত্যাৰ পথ বাচি ল’লে। ঘটনাতো অসমৰ কামৰূপ জিলাৰ। ৮৮ বছৰ বয়সৰ অশ্ৰৱ আলী নামৰ এগৰকী বৃদ্ধই NRCৰ চুড়ান্ত তালিকাত নাম নাহিব বুলি বহুদিনৰ পৰাই আতংকিত হৈ আছিল। NRC ৰ অন্তিমখন খচৰাত অশ্ৰৱ আলীৰ নাম আহিছিল যদিও, তথ্যৰ বিসংগতি থকাৰ বাবে পিছত লোকজনৰ নাম তালিকাৰ পৰা বাদ পৰে।



ওচৰ চুবুৰীয়াৰ মন্তব্য অনুসৰি ১৯৭১ চনৰ ভোটাৰ তালিকাত আছিল অশ্ৰৱ আলীৰ নাম। NRC তালিকাৰ পৰা নাম বাদ পৰাৰ পিছৰে পৰৰা আতংকিত হৈ থকা লোকজনে অৱশেষত আত্মহত্যাৰ পথ বাচি লয়। মৃত আশ্ৰৱ আলীৰ পৰিয়ালৰ লোকে কয় যে, NRCৰ তালিকাৰ পৰা নাম বাদ পৰা অশ্ৰৱ আলী ২৩ মে’ত তথ্য প্ৰমাণৰ বাবে ৰঙিয়া যাব লগীয়া হৈছিল। কিন্তু NRC কেন্দ্ৰৰ পৰা অহাৰ পিছৰ পৰাই তালিকাত নাম নহাৰ ভয়ত আতংকিত হৈ পৰে লোকজন।
আৰু চাওক
পৰৱৰ্তী বাতৰি