ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক বিজয়ী খেলুৱৈৰ জীৱন সংগ্ৰাম, মুখ্যমন্ত্ৰীক সহায় বিচাৰিলে যোৰহাটৰ বন্দনাই

২০১৫ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা খেলুৱৈৰ কাষত নাই চৰকাৰ নাই দল–সংগঠন

news18assam
Updated:April 30, 2019, 12:18 PM IST
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদক বিজয়ী খেলুৱৈৰ জীৱন সংগ্ৰাম, মুখ্যমন্ত্ৰীক সহায় বিচাৰিলে যোৰহাটৰ বন্দনাই
২০১৫ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰা খেলুৱৈৰ কাষত নাই চৰকাৰ নাই দল–সংগঠন
news18assam
Updated: April 30, 2019, 12:18 PM IST
সফলতাৰ বাতৰি ভাইৰেল হোৱাৰ পিছত অসমত ক্ৰীড়াবিদৰ আদৰ হঠাৎ বৃদ্ধি পাবলৈ ধৰে । কিন্তু সাধাৰণ অৱস্থাত অসমত যেন বিশেষ গুৰুত্ব লাভ নকৰে ক্ৰীড়াবিদসকলে । একালৰ সফল বহু ক্ৰীড়াবিদৰ দৰিদ্ৰতাৰ সৈতে জীৱন সংগ্ৰাম ধাৰাবাহিক ছবিয়ে উদঙাইছে আমাৰ ক্ষন্তেকীয়া মানসিকতা। ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জিলিকা এনে এগৰাকী মহিলা ক্ৰীড়াবিদ হল বন্দনা সোণোৱাল। গোলাঘাট আৰু যোৰহাট জিলাৰ সমীপৱৰ্তী সৰু কছাৰী গাঁৱত বাস কৰা বন্দনাই ভাৰোত্তোলন খেলৰ বাবে ২০১৫ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কিন্তু বৰ্তমান বন্দনাই ক্ৰীড়া চৰ্চা এৰি দৈনন্দিন জীৱন সংগ্ৰামত ব্যস্ত থাকিব লগা হৈছে । এটা জটিল ৰোগত আক্ৰান্ত হৈ স্বামীৰ মৃত্যু হোৱাৰ পাছৰে পৰা তিনিটাকৈ সন্তানক পোহ-পাল দিবলৈ গৈ জীৱন যুঁজত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বন্দনা। অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই অনা বন্দনাক অসম চৰকাৰে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰিলে মহিলা ক্ৰীড়াবিদগৰাকীয়ে । বন্দনাৰ মতে, তেওঁৰ সমস্যা সমূহ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগক অৱগত কৰিছিল যদিও চৰকাৰে কোনে গুৰুত্ব প্ৰদান নকৰিলে। ইফালে নিজ স্বামীক হেৰুৱাৰ পাচত তিনি সন্তানৰ দায়িত্বত ব্যস্ত হৈ পৰা বন্দনা আঁতৰি থাকিবলগীয়া হৈছে ভাৰ উত্তোলন খেলৰ পৰা । বন্দনাই তেওঁৰ সমস্যাসমূহ আতৰাই খেলৰ প্ৰস্তুতিৰ বাবে নিজকে সাজু কৰি তুলিবলৈ পুনৰবাৰ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰা কিছু সহায় বিচাৰিলে । 
আৰু চাওক পৰৱৰ্তী বাতৰি