বলীউদৰ নৱতম চিনেমা ‘অটকন চটকন’ৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অসমৰ কণমানি তমন্না, কিয় মুম্বাইৰ বাছত ভিক্ষা খুজিব লগা হৈছিল?

News18 Assam | News18-Assam
Updated:August 28, 2020, 12:44 PM IST
বলীউদৰ নৱতম চিনেমা ‘অটকন চটকন’ৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অসমৰ কণমানি তমন্না, কিয় মুম্বাইৰ বাছত ভিক্ষা খুজিব লগা হৈছিল?
বলীউদৰ বহুকেইগৰাকী বিশিষ্ট অভিনেতাৰ সৈতে অভিনয়ৰ সুযোগ লাভ কৰিছে তমন্নাই।

বলীউদৰ বহুকেইগৰাকী বিশিষ্ট অভিনেতাৰ সৈতে অভিনয়ৰ সুযোগ লাভ কৰিছে তমন্নাই।

  • Share this:
কণমানি তমন্নাক আপুনি বিজ্ঞাপন ছবিত বহুবাৰ দেখিছে। কিন্তু হয়তো ভবা নাই যে ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰা মৰমলগা কণমানিজনী হৈছে অসমৰ নলবাৰীৰ তমন্না চৌধুৰী! টেলিভিছনৰ দৰ্শকসকলৰ মাজত জনপ্ৰিয় তমন্নাই অভিনয় কৰা বলীউদৰ প্ৰথমখন চিনেমা মুক্তি লাভ কৰিব অহা ৫ ছেপ্টেম্বৰত।

এ আৰ ৰহমানে সংগীত পৰিৱেশন কৰা তথা শিৱ হাৰেই পৰিচালনা কৰা "অটকন চটকন" নামৰ নতুন হিন্দী ছবিখনৰ গ্ল’বেল ৰিলিজ হ’ব অহা ৫ চেপ্টেম্বৰত Zee5 প্লেটফৰ্মত। বস্তি অঞ্চলৰ চাৰিটা শিশুৰ সংগীতৰ প্ৰতি থকা হেঁপাহক লৈ নিৰ্মাণ কৰা এই চিনেমাখনৰ গুৰুত্বপূৰ্ণ ভুমিকাত অভিনয় কৰিছে অসমৰ তমন্না চৌধুৰীয়ে। কণমানি মৰমলগা নলবাৰীৰ তমন্না হৈছে টেলিভিছনৰ দৰ্শকসকলৰ বাবে এখন চিনাকী মুখ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰিয়েলিটী শ্ব’ত সফলতাৰে অংশগ্ৰহণ কৰা তমন্নাই অভিনয় কৰিছে মেগা ছিৰিয়েল ‘য়ে ৱাদা ৰহা’কে ধৰি কেইবাটাও জনপ্ৰিয় বিজ্ঞাপনত। কালাৰ্ছ টিভিৰ ‘ছোটে মিয়া ধকড়’, ‘ডান্স ইণ্ডিয়া ডান্স’, ‘ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজ’ৰ দৰে মেগা ৰিয়েলিটী শ্ব'সমূহৰ এখন জনপ্ৰিয় মুখ হৈছে কণমানি তমন্না। তমন্নাই বিজ্ঞাপন ছবিত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে অভিনয় কৰিছে‌। ফিয়েট লিয়েনা আৰু বাইজুছৰ বিজ্ঞাপনত দেখিবলৈ পোৱা কণমানিজনিয়েই হৈছে তমন্না।

প্ৰথমখন চিনেমাক লৈ অতিকৈ উৎসাহী হৈ আছে তমন্না। ঝাচীৰ বিভিন্ন লোকেশ্বনত যোৱা বছৰ প্ৰায় ৪৫ দিন শ্বুটিঙত ব্যস্ত আছিল তমন্না। এই চিনেমাখনৰ পটভূমি হৈছে চাহ বিক্ৰী কৰা গুদ্দু নামৰ এটি শিশু আৰু তেওঁৰ তিনিগৰাকী বন্ধুৰ সপোনক লৈ। বস্তি অঞ্চলৰ এই শিশুকেইটাৰ সংগীতৰ বাবে আছিল অদম্য হেঁপাহ। এই শিশুকেইটিয়ে এটা সংগীতৰ বেণ্ড খোলে আৰু এখন আগশাৰীৰ সংগীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়ে। গুদ্দু, মিঠিহঁতৰ এই সংগীতৰ যাত্ৰাই প্ৰাণ পাই উঠেনে নাই সেয়া জানিব পৰা যাব চিনেমাখনে মুক্তি লাভ কৰাৰ পিছত।

চিনেমাখনত তমন্নাৰ চৰিত্ৰটো হ’ল এটি শিশু ভিক্ষাৰীৰ। মিঠি নামৰ বাছত এটি বেসুৰা কণ্ঠৰে ভিক্ষা খুজি ঘূৰি ফুৰা এটা চৰিত্ৰ। বেসুৰা কণ্ঠৰে নিজস্ব শৈলীৰে এটা গীত গোৱাৰ পিছতে এই চিনেমাখনত অভিনয় কৰাৰ বাবে অফাৰ লাভ কৰে তমন্নাই। কোনোদিনে মুম্বাইৰ বাছত উঠি নোপোৱা কণমানি তমন্নাই চিনেমাৰ চৰিত্ৰটো সন্দৰ্ভত অভিজ্ঞতা গোটাবলৈ বহু কষ্ট কৰিছে। শ্বুটিঙৰ পূৰ্বে মুম্বাইৰ বাছত ভিক্ষাৰীৰ ভেশত ভিক্ষা খুজিছিল তমন্নাই। ইয়াৰ বাবে নিজকে সাজু কৰি তুলিবলৈ তমন্নাই কেইবাদিনো গা ধোৱা নাছিল, ফটা চিটা কাপোৰ পিন্ধিছিল আৰু ভৰিত চেন্দেল পিন্ধা নাছিল।

"মোক এটা গান গাবলৈ দিছিল বেসুৰাকৈ। মই মোৰ নিজৰ ষ্টাইলত গানটো গাইছিলো যিটো শুনি সকলোৱে অতিষ্ঠ হৈ পৰিছিল। পৰিচালকে সেইটোৱে বিচাৰিছিল আৰু মোক চিনেমাখনৰ মিঠি চৰিত্ৰটোৰ বাবে ছিলেক্ট কৰিলে। মই শ্বুটিং আৰম্ভ হোৱাৰ পূৰ্বে কেইবাদিনো মুম্বাইৰ বাছত ভিক্ষা খুজিছিলো। প্ৰথম দিনাই ৩৫ টকা পাইছিলো। মোৰ বাবে এই চৰিত্ৰটো প্ৰত্যাহ্বানপূৰ্ণ আছিল। কাৰণ মই মুম্বাইৰ বাছত উঠি পোৱা নাছিলো। শুদা ভৰিৰে খোজ কঢ়াৰো অভ্যাস নাছিল। ইয়াৰ বাবে অভিজ্ঞতা গোটাবলৈ মই কেইবাদিনো গা ধোৱা নাছিলো। এই ক্ষেত্ৰত মায়ে মোক বহুত সহায় কৰিছিল।", তমন্নাই News18ক কয় ।

এই চিনেমাখনত তমন্নাৰ সৈতে অভিনয় কৰিছে লিডিয়ান নাধশ্বৰাম, শচীন চৌধুৰী আৰু য়শ ৰাণেই। শিৱমণিয়ে সংগীত পৰিচালনা কৰা এই চিনেমাখনৰ এটি গীতত কণ্ঠদান কৰিছে অমিতাভ বচ্চনে।

বলীউদৰ বহুকেইগৰাকী বিশিষ্ট অভিনেতাৰ সৈতে অভিনয়ৰ সুযোগ লাভ কৰিছে তমন্নাই। ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু বিগ বি অমিতাভ বচ্চনৰ সানিধ্য লাভ কৰা অভিজ্ঞতাসমূহ সদায় স্মৰণীয় হৈ ৰ’ব বুলি জানিবলৈ দিয়ে তমন্নাই।

"মই বিশিষ্ট অভিনেতা ছুপাৰষ্টাৰ অমিতাভ বচ্চনজীৰ সন্মুখত তেখেতৰ পিতৃৰ এটি কবিতা আবৃত্তি কৰিছিলো। তেখেতে শুনি আপ্লুত হৈছিল আৰু মোক মূৰত হাত ফুৰাই আশীৰ্বাদ দিছিল। এয়া মোৰ বাবে এক পাহৰিব নোৱাৰা অভিজ্ঞতা।", তমন্নাই আৰু কয়।

তমন্নাৰ ঘৰ নলবাৰীৰ বালিকৰিয়াত। পিতৃ দীপক চৌধুৰী যোৰহাট জিলা পৰিষদৰ এগৰাকী বিষয়া। তমন্নাৰ বাবেই মাতৃ অৰুণিমা ভূঞাই নিজৰ চাকৰিৰ পৰা পদত্যাগ কৰি তমন্নাৰ সৈতে মুম্বাইত থাকিবলৈ লয়। তমন্নাৰ ভগ্নীৰ নাম অনন্যা। তমন্নাই এই সফল যাত্ৰাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ আৰু ভগ্নীৰ অশেষ কষ্ট লুকাই আছে বুলি জানিবলৈ দিয়ে। তমন্নাই সকলোকে ৫ চেপ্টেম্বৰত মুক্তি লাভ কৰিব লগা এই চিনেমাখন চাবলৈ অনুৰোধ জনাইছে।
Published by: Sanjay Kumar Das
First published: August 28, 2020, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading