‘টকা–পইচা নথকা,কাম নাইকীয়া বিভাগ দিছে ৰামেশ্বৰ তেলীক’!

ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া!

news18assam
Updated:May 31, 2019, 3:54 PM IST
‘টকা–পইচা নথকা,কাম নাইকীয়া বিভাগ দিছে ৰামেশ্বৰ তেলীক’!
ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভ কৰা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিক্ৰিয়া!
news18assam
Updated: May 31, 2019, 3:54 PM IST
দিছপুৰৰ বিধায়ক আৱাসত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুন গগৈৰ সংবাদমেল। সংবাদমেলত দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাই তৰুণ গগৈয়ে। নতুন চৰকাৰে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যদা, উদ্যোগিক নীতি ঘুৰাই দিব বুলি আশাবাদী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰকী।



কিন্তু অসমৰ পৰা মাত্ৰ এজন মন্ত্ৰী দিয়াত অসন্তুষ্ট তৰুণ গগৈ। সংবাদমেলত প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লোৱা প্ৰসংগ টানি আনি তৰুণ গগৈয়ে কয় যে গামোচাক সন্মান জনাই মোদীয়ে তিনিজন নহলেও দুজনক মন্ত্ৰীত্ব দিব লাগিছিল৷ যদিও তেওঁ অসমৰ কথা কৈ গৌৰৱ কৰে তথাপিও কিন্তু অসমৰ পৰা মন্ত্ৰী দিয়াত কৃপনালী কৰে বুলি তীৰ্যক মন্তব্য কৰে গগৈয়ে।



 

সেইদৰে সংবাদমেলত তেলীয়ে লাভ কৰা খাদ্য সংশোধন বিভাগত টকা পইচা নাই বুলি উল্লেখ কৰাৰ লগতে, বিভাগটোত ৰাজ্যিক মন্ত্ৰীত্ব লাভ কৰি ৰামেশ্বৰ তেলীয়ে ৰাজ্যত বিশেষ অৱদান আগবঢ়াব নোৱাৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও সংবাদমেল খনত ৰাজ্যৰ অন্যান্য কেইবাটাও বিষয়ত চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গ’ল।
আৰু চাওক পৰৱৰ্তী বাতৰি