কেৱল এটা সপোন লৈয়েই দুই হাতত গ্লোভছ পিন্ধি লৈছিল লাভলনীাই। সেই সপোন পূৰণ কৰাৰ ক্ষণ সমাগত। মাত্ৰ দুখন খেলৰ দূৰত্বত আছে লাভলীনা আৰু এক নতুন ইতিহাস।
অসমৰ পৰা এইবাৰ অলিম্পিকলৈ যোৱা একমাত্ৰ খেলুৱৈ বক্সাৰ লাভলীনা বৰগোহাঁই(Lovlina Borgohain)ক লৈ সমগ্ৰ অসমবাসীয়ে দেখিছে সপোন। লাভলীনাই অলিম্পিকত পদক জয় কৰিব এয়াই যেন অসমবাসীৰ এক বিশ্বাস। সেই বিশ্বাসক সৰোগত কৰিয়েই কাইলৈ ৰিঙত নামিব লাভলীনা।
গোলাঘাট জিলাৰ বৰপথাৰৰ এখন গাঁৱৰ পৰা বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়াংগনলৈ এক অনবদ্য যাত্ৰা পূৰ্ণ কৰি অলিম্পিক (Olympics)ৰ মজিয়াত ভৰি দিবলৈ সক্ষম হৈছে লাভলীনা বৰগোহাঁই। ইতিমধ্যে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত দেশলৈ সুনাম কঢ়িয়াই আনিছে লাভলীনাই।
টকিঅ' অলিম্পিক (Tokyo Olympics 2020)ৰ প্ৰথম ৰাউণ্ডত বাই লাভ কৰি প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে অসমৰ বক্সাৰ গৰাকীয়ে। কাইলৈ প্ৰি-কোৱাৰ্টাৰত জাৰ্মানী (Germany)ৰ নাদিন এ’পেজ (Nadine Apetz)ৰ বিৰুদ্ধে খেলিব লাভলীনাই।
দুয়োগৰাকী খেলুৱৈৱে প্ৰথমবাৰৰ বাবে অলিম্পিকত প্ৰবেশ কৰিছে। ইউৰোপীয়ান অলিম্পিক কোৱালিফাইং মেছত ছেমিফাইনেলত প্ৰবেশ কৰি অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন নাদিন এ’পেজ। পুৱা ১০:৫৭ বজাত হ'ব লাভলীনাৰ খেল।
জাৰ্মানীৰ নাদিন এ’পেজ হ’ল বিশ্বৰ পঞ্চম স্থানৰ খেলুৱৈ আৰু আইবা ৰেংকিঙৰ তৃতীয় স্থানত আছে লাভলীনা বৰগোহাঁই। যুঁজ হ'ব কাইলৈ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|